লখিমপুৰ,৩ জুন: লখিমপুৰ জিলাৰ ১১০ নং নাওবৈচা সমষ্টিৰ অন্তৰ্গত ৰৌদোং-বৰপথাৰ আৰু বৰছলা গাঁৱৰ ৰাইজে এই একবিংশ শতিকাটো দেখিবলৈ নাপালে উন্নয়নৰ পোহৰ। প্ৰাকৃতিক প্ৰতিকূলতা, ৰজাঘৰীয়াৰ চূড়ান্ত অৱহেলা তথা জনপ্ৰতিনিধি প্ৰতাৰণাৰ বাবেই দুয়োখন গাঁৱৰ প্রায় তিনি শতাধিক পৰিয়ালে বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে যাতায়াত, চিকিৎসা, শিক্ষা আদিৰ ক্ষেত্ৰত । গাঁও দুখনৰ মাজেদি পাৰ হৈ শিঙৰা নদী আৰু বিধ্বস্ত বাট-পথৰ ফলত বাৰিষাত গাঁও দুখনৰ ৰাইজে প্ৰায়ে কটাব লাগে গৃহবন্দীৰ দৰে জীৱন । উল্লেখ যে স্বাধীনতা ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছতো শিঙৰা নদীৰ ওপৰত নহল এখন বিকল্প পকী দলং । শিঙৰা নদীৰ ওপৰত দ্বিতীয় তথা বিকল্প এখন পকী দলং নিৰ্মাণ কৰিবলৈ বিভিন্ন সময়ত বিধায়ক, সাংসদ, তথা পঞ্চায়ত প্রতিনিধিক আবেদন-নিবেদন কৰি অহাৰ পিছতো আজিকোপতি কোনোধৰণৰ সঁহাৰি নাপালে। যাৰ ফলত গাঁৱ দুখনৰ ৰাইজে কেতিয়াবা একাঠু, একঁকাল আৰু কেতিয়াবা এডিঙি বা সাঁতুৰি হলেও পাৰাপাৰ কৰি অব্যাহত ৰাখিছে বহিঃজগতৰ সৈতে যোগাযোগ । ইফালে গাঁও দুখনৰ কনকন ছাত্র-ছাত্রীসকলে শিঙৰা নদীৰ আনটো প্ৰান্তত থকা বৰচলা বহুমুখী হাই স্কুল,বৰচলা বজাৰ এমই স্কুল, বৰচলা প্ৰাথমিক স্কুললৈ দৈনিক বিপদ সংকুলভাৱে পাৰাপাৰ কৰি যাবলগীয়া হোৱাত চিন্তিত হৈ পৰিছে অভিভাৱক ৰাইজে । যাৰ ফলত বাৰিষা বা পানী বাঢ়িলে কনকন ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়লৈ যোৱাৰ পথ বন্ধ হৈ পৰে । আনহাতে গাঁৱখনৰ বিধ্বস্ত বাট-পথ তথা শিঙৰা নদীৰ ওপৰত দলং নথকাত গাঁৱখনৰ ৰাইজে ৰোগীক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰতো ভুগিছে চৰম যাতনা ভোগ কৰি আহিছে। কেৱল নির্বাচনৰ সময়ত বিভিন্ন ভুৱা প্ৰতিশ্ৰুতিৰে বিধায়ক, সাংসদ, পঞ্চায়ত প্রতিনিধিসকলে ৰাইজৰ ভোট বিচাৰি আহে যদিও জয়ী হোৱাৰ পিছত ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ বাস্তৱ ৰূপায়নৰ বাবে কাৰোৰে আহৰি নোহোৱা বুলি অভিযোগ কৰিছে গাঁওবাসীয়ে । যাৰ ফলত সোমবাৰে বৰচলা আৰু ৰৌডোং বৰপথাৰ গাঁৱৰ ৰাইজে চৰকাৰ কিম্বা জনপ্রতিনিধিলৈ আৰু ভৰসা নকৰি নিজা দান-বৰঙণিৰে শিঙৰা নদীৰ ওপৰত পুৰুষ-মহিলা উভয়ে ওলাই আহি শ্ৰম দানেৰে বাঁহ আৰু কাঠাৰে বৃহৎ দৈঘ্যৰ দলং নিৰ্মাণ কৰে। এই সন্দৰ্ভত অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে দেশৰ বিভিন্ন ৰাজ্যৰ পিছপৰা অঞ্চল সমূহসত চৰকাৰে যেতিয়ালৈকে প্ৰকৃত উন্নয়ন সাধন তথা বিকাশ নকৰিব তেতিয়ালৈকে বিকাশ আৰু উন্নয়ন কেৱল শ্লোগানহে। এনেধৰণৰ সমস্যা সমূহ শ্লোগানৰ দ্বাৰা নহয় হাতেকামে প্ৰকৃতপক্ষে কৰাৰ বাবে ডঃ শইকীয়াই চাৰকাৰলৈ আহ্বান জনায়।

Home অসম আৰু উত্তৰপূব লখিমপুৰৰ নাওবৈচাত ৰাইজে শিঙৰা নদীৰ ওপৰত নিৰ্মাণ কৰিলে দলং, প্ৰতিক্ৰিয়া ডঃ দিব্যজ্যোতি...