গুৱাহাটী,৪ জুনঃ সুৰাপায়ীৰ বাবে বেয়া খবৰ। ৰাজ্যত পুনৰ বৃদ্ধি পাব সুৰাৰ মূল্য। ৬৫ শতাংশকৈ বৃদ্ধি পাব সকলো সুৰাৰ মূল্য। আজিৰ পৰা ১২ দিন পাছত অৰ্থাৎ ১৫ জুনৰ পৰা বৃদ্ধি পাব সুৰাৰ মূল্য। ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰে পুনৰ এবাৰ সুৰাৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ১৫ জুনৰ পৰা কাৰ্যকৰী হ’ব নতুন নিৰিখ। আবকাৰী বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি ৬৫ শতাংশ বৃদ্ধি পাব সুৰাৰ মূল্য। জানিব পৰা মতে জেনেৰেল ব্ৰেণ্ড, ৩০১ টকা পৰ্যন্ত মূল্যৰ ৭৫০ মিলিলিটাৰৰ সুৰাৰ বটলৰ দাম প্ৰায় ৮০ টকা পৰ্যন্ত বৃদ্ধি পাব। আনহাতে ৰেগুলাৰ ব্ৰেণ্ড, ২৭১ টকা পৰ্যন্ত মূল্যৰ ৭৫০ মিলিলিটাৰৰ সুৰাৰ বটলৰ মূল্য ৯২ টকা আৰু ইলিগেণ্ট ব্ৰেণ্ড, ৪০১ টকা পৰ্যন্ত আৰু ৬০১ টকাৰ মূল্যৰ ৭৫০ মিলিলিটাৰৰ সুৰাৰ বটলৰ দাম সৰ্বাধিক ১৪২ টকা বৃদ্ধি পাব। ইয়াৰ উপৰি ক্লাছিক প্ৰিমিয়াম ব্ৰেণ্ড অৰ্থাত ১০০১ টকা বা ইয়াৰ ওপৰৰ মূল্যৰ সুৰাৰ বটলৰ দাম ৩৫০ টকা পৰ্যন্ত বৃদ্ধি পাব। ইণ্ডিয়া মেড স্পিৰিটৰ ৰেগুলাৰ ব্ৰেণ্ডৰ বটলত কমেও ৯২ টকাকৈ বৃদ্ধি পাব।জেনেৰেল ব্ৰেণ্ডৰ প্ৰতিবটলত বৃদ্ধি কমেও ৮০ টকাকৈ।