গুৱাহাটী,৪ জুনঃ দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্রমণ। বৃদ্ধি পাইছে ক’ৰনা আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশজুৰি ৪,০৪১ জন ব্যক্তি নতুনকৈ ক’ৰণাত আক্রান্ত হয়। আনহাতে ২৪ ঘণ্টাত ক’ভিডত মৃত্যু হৈছে ১০জন লোকৰ। ৩ মাহৰ বিৰতিৰ পাছত পুনৰ ক’ভিডৰ সংক্রমণ বৃদ্ধি পাইছে। ইতিমধ্যে ৫খন ৰাজ্যক সতৰ্কবাণী দিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়।
তামিলনাডু, কেৰালা, তেলেংগানা, মহাৰাষ্ট্র, কৰ্ণাটকক সতৰ্কবাণী স্বাস্থ্য মন্ত্ৰ্যালয়ৰ। বৰ্তমান ক’ভিডৰ পৰা সুৰক্ষিত হৈ আছে অসম। বিগত ২৪ ঘণ্টাত অসমত এজনো ক’ভিড ৰোগী ধৰা পৰা নাই।