লখিমপুৰ,৪ জুন: লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত গহপুৰৰ এগৰাকী প্ৰসূতিৰ মৃত্যুৰ ঘটনাক লৈ লখিমপুৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি পুৱাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত চিকিৎসালয়খনত উপস্থিত হৈ ঘটনাৰ বুজলৈ প্ৰসূতিৰ মৃত্যুৰ ঘটনাক ৰাজ্য চৰকাৰে অত্যন্ত গুৰুত্ব সহকাৰে লৈছে বুলি মন্তব্য কৰে। নতুন চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসালয়ত হোৱা এই অবাঞ্চিত ঘটনাক লৈ অসন্তুষ্ট স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মনক লগত লৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশানুসৰি আজি চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ গৈ কি পৰিস্থিতিত প্ৰসূতিগৰাকীৰ মৃত্যু ঘটিবলৈ পালে, সেই বিষয়ে সবিশেষ বুজ লয়। স্বাস্থ্যমন্ত্ৰী গৰাকীৰ পৰিদৰ্শনৰ সময়ত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ তথা চিকিৎসা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰদান বৰুৱা , জিলাৰ উপায়ুক্ত সুমিত সত্বাৱন, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অনুপ কুমাৰ দাস, চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ ববিজিৎ গোস্বামী, অতিৰিক্ত অধীক্ষক ডাঃ নিখিল কাকতি, উপ অধীক্ষক সকল, প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ মূৰব্বী অধ্যাপক-অধ্যাপকসকলৰ পৰা অবাঞ্চিত ঘটনাটোৰ সবিশেষ বুজ লয়। ভৱিষ্যতে এনে মৰ্মান্তিক আৰু অবাঞ্চিত ঘটনাৰ যাতে কোনো কাৰণতে পুণৰাবৃত্তি ঘটিবলৈ নাপায়, সেয়া সুনিশ্চিত কৰিবলৈ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, চিকিৎসালয়ৰ অধীক্ষক আৰু প্ৰতিটো বিভাগৰ মূৰব্বীসকলক সতৰ্ক কৰি দিয়ে। তদুপৰি, লখিমপুৰ এপিডিচিএলৰ বিষয়া আৰু লোক নিৰ্মাণ (গৃহ) বিভাগৰ বিষয়া অভিযন্তাৰ পৰাও চিকিৎসা মহাবিদ্যালয়খনত নিয়মীয়া বিদ্যুৎ যোগান সুনিশ্চিত কৰাৰ লগতে জৰুৰীকালীন ব্যৱহাৰৰ বাবে জেনেৰেটৰ সকলো সময়তে পূৰ্ণ কাৰ্যক্ষম কৰি ৰখাৰ বাবে ল’ব লগা ব্যৱস্থাৱলীৰ বিষয়েও আলোচনা কৰি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে দুয়োটা বিভাগকে অতি শীঘ্ৰে প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ইফালে, চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত গহপুৰৰ প্ৰসূতিগৰাকীৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনা তদন্তৰ বাবে স্বাস্থ্যমন্ত্ৰী মহন্তই ইতিমধ্যে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিশেষজ্ঞৰ তিনিজনীয়া দল এটাক দায়িত্ব দিছে। অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ মুৰব্বী অধ্যাপক, সহযোগী অধ্যাপক আৰু এনাস্থেচিয়া বিভাগৰ সহযোগী অধ্যাপককলৈ গঠিত এই তিনিজনীয়া তদন্তকাৰী দলে লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত প্ৰসূতি মৃত্যুৰ ঘটনাটো তদন্ত কৰি শীঘ্ৰে প্ৰতিবেদন দাখিল কৰিব। উল্লেখ যে আজি চিকিৎসা মহাবিদ্যালয়খনত স্বাস্থ্য মন্ত্ৰী গৰাকীক উপস্থিত হোৱাৰ পাছতে মানৱ অধিকাৰ সংগ্ৰাম সমিতি ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ,আদি সংগঠনে মন্ত্ৰীগৰাকীক ঘেৰাও কৰি ঘটনাৰ উপযুক্ত তদন্তৰ লগতে ঘটনাত জড়িত চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় । ইফালে দুৰ্নীতি বিৰোধী যূৱ শক্তি অসমে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত এক সংবাদ মেল যোগে চিকিৎসক ডাঃ তৃণয়ন মিলিৰ হেমাহীৰ বাবেই কনমাই পাটগিৰি নামৰ প্ৰসূতি গৰাকীৰ -শিশু সহ মৃত্যু ঘটে বুলি অভিযোগ কৰি গ্ৰেপ্তাৰৰ দাবী তোলে সংগঠনটিৰ সভাপতি ধৰ্মকান্ত গগৈয়ে । আনহাতে আজি এই ঘটনাক লৈ বৃহত্তৰ অসমীয়া যুৱ মঞ্চই মেডিকেল কলেজৰ সন্মুখত চিকিৎসা মহাবিদ্যালয়ৰ অধক্ষৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিভাগীয় মন্ত্ৰীগৰাকীয়ে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদো পৰিদৰ্শন কৰি আন্তঃগাঁথনিৰ বুজ লোৱাৰ লগতে চিকিৎসাধীন ৰোগীৰেও মতবিনিময় কৰি চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ ফালৰ পৰা আগবঢ়োৱা সেৱাৰ বিষয়ে বুজ লয়। পৰিদৰ্শনকালত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৮ জুনত লখিমপুৰ উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয় পৰিচালনা সমিতিৰ বৈঠক অনুষ্ঠিত কৰি ইয়াৰ পৰিচালনা ব্যৱস্থালী পুনৰ পৰ্যালোচনা কৰাৰ উপৰি বৰ্তমান সন্মুখীন হোৱা অসুবিধা তথা অভাৱসমূহ পূৰণৰ বাবে বিতং প্ৰতিবেদন প্ৰস্তুত কৰি স্বাস্থ্য বিভাগৰ ওচৰত দাখিলৰ বাবে লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ তথা চিকিৎসালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰদান বৰুৱা আৰু চিকিৎসালয়ৰ অধ্যক্ষক দিহা দিয়ে।উল্লেখ যে আজি মন্ত্ৰীগৰাকী গহপুৰৰ ৰঙামুৰি গাওঁৰ কণমাই পাটগিৰিৰ স্বামী প্ৰাণে পাটগিৰিৰ ঘৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৩ লাখ টকা দিয়াৰ কথা ঘোষণা কৰে আৰু স্ত্ৰী আৰু প্ৰসূতি বিভাগৰ ইনচাৰ্য ত্ৰিনয়ন মিলিক নিলম্বন কৰা বুলি উল্লেখ কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে জেনেৰেটৰত তেল নথকাটো শেষৰ কথা । এই বিষয়টো চোৱা চিতা কৰা হব । কিন্তু গোটেই চিকিৎসা প্ৰক্ৰিয়াটো প্ৰথমতে বিচাৰ হ’ব বুলি তেওঁ কয়।
Home অসম আৰু উত্তৰপূব লখিমপুৰত প্ৰসূতিৰ মৃত্যুৰ ঘটনা : পৰিস্থিতিৰ বুজ লৈ তদন্ত ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ...