গুৱাহাটী,৬ জুনঃ ২০০৬ চনৰ বাৰাণসীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ মূল দোষী সন্ত্ৰাসবাদী ৱালিউল্লাহ খানক মৃত্যুদণ্ড আৰু আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হয়। উত্তৰ প্ৰদেশৰ এখন আদালতে সন্ত্ৰাসবাদী ৱালিউল্লাহ খানক ২০০৬ চনৰ বাৰাণসী ধাৰাবাহিক বিস্ফোৰণৰ বাবে এই শাস্তি ঘোষণা কৰে। ২০০৬ চনত উত্তৰপ্ৰদেশৰ বাৰাণসীত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাত অতি কমেও ২০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ কৈয়ো অধিক লোক আঘাতপ্ৰাপ্ত হৈছিল। বাৰাণসীৰ সংকট মোচন মন্দিৰ আৰু কান্টোনমেণ্ট ৰে’ল ষ্টেশ্যনত ২০০৬ চনৰ ৭ মাৰ্চত উক্ত ধাৰাবাহিক বোমা বিস্ফোৰণ সংঘটিত হৈছিল। ৱালিউল্লাহ খানৰ গোচৰটো পৰৱৰ্তী সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ে গাজিয়াবাদ জিলা আদালতলৈ বদলি কৰি পঠাইছিল।