গুৱাহাটী,৬ জুনঃ জনতা ভৱনত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোক নিৰ্মাণ বিভাগ (পথ)ৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্রীয়ে বিভাগটোৰ দ্বাৰা ৰূপায়িত হৈ থকা পথ প্ৰকল্পসমূহৰ এক বিস্তৃত পৰ্যালোচনা কৰে। অসম মালা, বহিঃসহায়ক প্ৰকল্পসমূহ, মুখ্যমন্ত্ৰীৰ পথ উন্নয়ন কাৰ্যসূচীৰ অধীনত পথ উন্নয়ন আৰু উন্নীতকৰণৰ কামৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰাৰ লগতে ক্ষিপ্ৰতাৰে কামসমূহ সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে। লগতে গুৱাহাটী মহানগৰীৰ পথসমূহৰ পৰ্যালোচনা কৰি ক্ষতিগ্ৰস্ত আৰু ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থকা পথসমূহ চিনাক্ত কৰি তাৎক্ষণিকভাৱে প্ৰয়োজনীয় মেৰামতি আৰু উন্নয়নৰ বাবে ১০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে।