গুৱাহাটী,৮ জুনঃ অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটিল। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাত নতুনকৈ দুজন বিধায়কক স্থান দিয়া হ’ল। মিত্রদলক বাদ দি নিজ দলৰে দুই বিধায়কক বিজেপিয়ে মন্ত্রীসভাৰ সম্প্ৰসাৰণত অন্তৰ্ভুক্ত কৰিলে। তেওঁলোক হৈছে নন্দিতা গার্লোচা আৰু জয়ন্ত মল্ল বৰুৱা। আজি তেওঁলোকৰ নাম ঘোষণা কৰা হয়। কাইলৈ বিয়লি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নতুনকৈ অন্তৰ্ভুক্ত হোৱা মন্ত্ৰী দুগৰাকীয়ে মন্ত্রী হিচাপে শপত গ্ৰহণ কৰিব। মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব হিচাপে দায়িত্ব পালন কৰি অহা নলবাৰী সমষ্টিৰ দুবাৰৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নামটো মন্ত্রীসভাৰ সম্প্ৰসাৰণত বিশেষভাৱে চৰ্চাত আছিল।