গুৱাহাটী,১০ জুনঃ ব্ৰেষ্ট কৰ্কট ৰোগত আক্ৰান্ত হৈছে বলিউদৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী। এই কথা ছচিয়েল মিডিয়াৰ এটা ভিডিঅ’ যোগে নিজেই অনুৰাগীক জনালে অভিনেত্ৰীগৰাকীয়ে। উল্লেখ যে বহুদিনৰে পৰা মহিমা চৌধুৰী এই ৰোগত আক্ৰান্ত হৈ আছিল যদিও পৰিয়াল তথা অনুৰাগীৰ পৰা লুকুৱাই ৰাখি অকলেই যুঁজ দিছিল দুৰাৰোগ্য কৰ্কটৰ বিৰুদ্ধে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে আপলোড কৰা ভিডিঅ’টোত কান্দি কান্দি এই কথা সকলোকে জনালে অভিনেত্ৰীগৰাকীয়ে। ভিডিঅ’টোত মহিমা চৌধুৰীয়ে উল্লেখ কৰে যে কৰ্কট ৰোগ বুলি ক’লে সকলোৱে ভয় খায়, সেয়েহে এই কথাটো তেওঁ সকলোৰে পৰা লুকুৱাই ৰাখিছিল।
৪৮ বছৰীয়া অভিনেত্ৰীগৰাকীৰ স্বাস্থ্য বৰ্তমান কিছু উন্নত হৈছে। ভিডিঅ’টোত কেম’থেৰাপিৰ বাবে মহিমাৰ চুলি সৰাও পৰিলক্ষিত হৈছে।