গুৱাহাটী,১০ জুনঃ হজৰত মহম্মদক লৈ বিতৰ্কিত মন্তব্য কৰা বিজেপিৰ নিলম্বিত মুখপাত্ৰ নুপূৰ শৰ্মা আৰু মিডিয়া সচিব নবীন জিন্দালৰ বিৰুদ্ধে আজি প্ৰদেশ কংগ্ৰেছে গুৱাহাটীৰ ভঙাগড় থানাত এখন এজাহাৰ দাখিল কৰে। প্ৰদেশ কংগ্ৰেছৰ হৈ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰ আৰু মেহেদী আলম বৰাই দাখিল কৰে এজাহাৰ। এজাহাৰ যোগে দুয়োৰে বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হয়। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বৰঠাকু্ৰে কয় যে হজৰত মহম্মদ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি বিজেপিৰ দুয়োগৰাকী নেতাই আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতবৰ্ষক অপমানিত কৰিলে। ইয়াৰ বাবে বিজেপি দলে বিশ্ববাসীৰ লগতে দেশবাসীৰ ওচৰত ক্ষমা খোজাৰ বাবে প্ৰদেশ কংগ্ৰেছে দাবী জনায়। তেওঁ বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে।
