গুৱাহাটী,১০ জুনঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চৰকাৰী বিদ্যালয়ৰ ফলাফল আছিল অতি শোচনীয়। যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এইক্ষেত্রত ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় প্ৰদৰ্শন আগবঢ়োৱা ৰাজ্যৰ ১৩৮ খন চৰকাৰী বিদ্যালয়লৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদে। সদ্যঘোষিত পৰীক্ষাৰ ফলাফলত এইবাৰৰ উত্তীৰ্ণৰ হাৰ মাত্ৰ ৫৬.৪৯ শতাংশ আছিল যদিও কাৰণ দৰ্শোৱা জাননী জাৰি কৰা বিদ্যালয় কেইখনৰ ফলাফল ইয়াতকৈও শোচনীয় আছিল। চৰকাৰী বিদ্যালয়ৰ শোচনীয় প্ৰদৰ্শনত মাধ্যমিক শিক্ষা পৰিষদ যথেষ্ট উদ্বিগ্ন হৈ পৰিছে। ইয়াৰ কাৰণ হৈছে ৩০ খন চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ শূন্য শতাংশ আৰু বাকী ১০৮ খন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ মাত্র ১০ শতাংশতকৈও কম। শিক্ষা পৰিষদৰ সঞ্চালকে শোচনীয় প্ৰদৰ্শন আগবঢ়োৱা বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক তথা অধ্যক্ষসকললৈ পত্ৰ প্ৰেৰণ কৰি ইয়াৰ কাৰণ ব্যাখ্যা কৰিবলৈ কোৱা হৈছে। লগতে বিভাগৰ ফালৰ পৰা বিদ্যালয়সমূহক ৯ জুনৰ পৰা এসপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ কোৱা হৈছে। জানিব পৰা মতে শেহতীয়া ফলাফলত অত্যন্ত শোচনীয় প্ৰদৰ্শন কৰা বিদ্যালয় সমূহৰ ভিতৰত আছে কাছাৰ জিলাৰ ১৪ খন বিদ্যালয়, কাৰ্বি আংলং জিলাৰ ১১ খন, গোৱালপাৰা জিলাৰ ৯ খন, যোৰহাট আৰু নগাঁও জিলাত আঠখনকৈ আৰু কামৰূপ মহানগৰ জিলাত ৬খন বিদ্যালয়। আনহাতে ডিব্ৰুগড় আৰু কৰিমগঞ্জ জিলাত পাঁচখনকৈ, ধুবুৰী আৰু পশ্চিম কাৰ্বি আংলং জিলাত চৰিখনকৈ আৰু বৰপেটা আৰু দক্ষিণ শালমাৰা জিলাত তিনিখনকৈ বিদ্যালয় ফলাফল আছিল শোচনীয়।