গুৱাহাটী,১১ জুনঃ অৱশেষত আৰক্ষীৰ জালত পৰিল ম’ষ্ট ৱাণ্টেড অপৰাধী ৰফিকুল ইছলাম। চামগুৰিত খাটোৱাল আৰক্ষীৰ জালত কুখ্যাত অপৰাধী ৰফিকুল ইছলাম। ২০১৭ চনৰ পৰা একাধিক গোচৰত অভিযুক্ত ৰফিকুল পলাতক অৱস্থাত আছিল। অৱশেষত শুকুৰবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মাটিৰ দালালিৰ লগতে আৰক্ষী বিষয়াৰ নামটো দীৰ্ঘদিন ধৰি কৰি আহিছিল দালালি। খাটোৱাল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীকো ভাবুকি প্ৰদানৰ অভিযোগ আছে ৰফিকুলৰ বিৰুদ্ধে। শুকুৰবাৰে নিশা ৰফিকুলৰ খাটোৱালৰ গেৰুৱাআটিৰ বাসগৃহত অভিযান চলাই কুখ্যাত ৰফিকুলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।