গুৱাহাটী,১১ জুনঃ নুমলীগড়ত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এগৰাকী মহিলাৰ। নুমলীগড়ৰ ২ নং বুঢ়াগোহাঁইখাটত মাতৃ পুত্ৰক আক্ৰমণ কৰিলে বনৰীয়া হাতীয়ে। উল্লেখ যে নুমলীগড়ৰ ২ নং বুঢ়াগোহাঁইখাটত নিশা বন্যহস্তীৰ এটা বৃহৎ জাকে অঞ্চলটোত প্ৰৱেশ কৰি মিনু গড় নামৰ মহিলা গৰাকীক বিচনাত শুই থকা অৱস্থাতেই আক্ৰমণ কৰে। হাতীৰ জাকটোৱে আক্ৰমণ কৰাত মিনু গড়ৰ মৃত্যু হোৱাৰ লগতে পুত্ৰ বিজয় গড় আহত হয়। হাতীৰ জাকটোৱে বাসগৃহটো লণ্ডভণ্ড কৰে । হাতীৰ জাকটোৱে ঘৰটো বেৰি ধৰি একপ্ৰকাৰৰ সন্ত্ৰাস চলোৱাত ঘৰৰ পৰা উলাই যাবলৈ সুযোগে নাপালে মাতৃ-পুত্ৰই । ঘটনাৰ পিছত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।