গুৱাহাটী,১১ জুনঃ ভৰিৰ আঘাতৰ বাবে ভাৰতীয় বক্সাৰ এম চি মেৰী কমৰ কমনৱেল্থৰ সপোন ভংগ হ’ল।তেওঁ ভৰিত পোৱা আঘাতৰ বাবে কমনৱেল্থৰ ৪৮ কেজি শাখাৰ বাছনি প্ৰতিযোগিতাৰ পৰা নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়। মেৰী কমৰ নাম প্ৰত্যাহাৰৰ লগে লগে হাৰিয়ানাৰ নীতুৱে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত কমনৱেলথ গেমছৰ ট্ৰায়েলৰ ফাইনেলত প্ৰৱেশ কৰে। বিগত কমনৱেল্থ গেমছৰ (২০১৮) স্বৰ্ণ পদক বিজয়ী মেৰী কমে ৪৮ কেজি শাখাৰ ছেমি ফাইনেলৰ প্ৰথম ৰাউণ্ডত ভৰিত আঘাত পায়। মেৰী কমে আঘাতৰ বাবে প্ৰথম ৰাউণ্ডৰ যুঁজৰ সময়ত ৰিঙত বাগৰি পৰে। ৩৯ বছৰীয়া বক্সাৰগৰাকীয়ে উঠি প্ৰতিদ্বন্দ্বিতা কৰাৰ চেষ্টা কৰে যদিও পুনৰ দুটা পাঞ্চ লগাৰ পাছত ভাৰসাম্য হেৰুৱাই পেলাই আৰু বাওঁ ভৰিত ধৰি ৰিঙত বাগৰি পৰে। ফলত তেওঁ ৰিং ত্যাগ কৰিবলৈ বাধ্য হয়। তাৰ পিছত তেওঁ ৰিঙৰ বাহিৰলৈ যাব লগা হৈছিল আৰু ৰেফাৰীয়ে নীতুক বিজয়ী ঘোষণা কৰিছিল। উল্লেখ যে আটাইতকৈ সফল ভাৰতীয় বক্সাৰ এম চি মেৰী কমে অহা মাহত বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেল্থ গেমছত মনোনিবেশ কৰিবলৈ বিশ্ব চেম্পিয়নশ্বিপ আৰু এছিয়ান গেমছৰ পৰা নাম প্ৰত্যাহাৰ কৰিছিল।
