গুৱাহাটী,১২ জুনঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চৰকাৰী বিদ্যালয়ৰ ফলাফল অতি নিম্নমানৰ হোৱা সন্দৰ্ভত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি নিম্নমানৰ ফলাফল পদৰ্শন কৰা ৰাজ্যৰ শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক তথা মুৰব্বীক অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। চৰকাৰী বিদ্যালয়ৰ বেয়া ফলাফলক লৈ এইবাৰ মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিক্ষকসকলে মৰ্যাদা বান্ধি ল’লেহে সন্মান পাব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শিক্ষকসকলে এল আই চি এজেণ্ট কৰিবনে শিক্ষকতা কৰিব, সিদ্ধান্ত তেওঁলোকে লওক। নহলে ফলাফল কেনেকৈ ভাল হ’ব। শিক্ষকসকলে ধৰ্ণা দিলে দেওবাৰে দিয়ক, স্কুল খোলা দিনত কিয় দিয়ে। শিক্ষকে ধৰ্ণা দিয়াত মোৰ আপত্তি নাই। কিন্তু বন্ধ দিনত দিয়ক। নিউজ একেই হ’ব, ল’ৰা–ছোৱালী খিনিয়েতো পঢ়িব পাৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে দুটা বছৰ শিক্ষকৰ মাজত সাংবাদিক নোসোমালে এশ শতাংশ ছাত্ৰ-ছাত্ৰী পাছ কৰিব। শিক্ষকৰ বিৰুদ্ধে কঠোৰ হ’ব বিচাৰিলে সাংবাদিকসকল প্ৰৱেশ কৰে। চৰকাৰক সুবিধা দিলে দুবছৰৰ ভিতৰত পৰিৱৰ্তন হ’ব বুলি তেওঁ কয়। শিক্ষামন্ত্ৰী থাকোতে তেওঁ আৰম্ভ কৰা প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে সাংবাদিকসকল মাজত সোমোৱাৰ বাবে তেওঁ সেইবোৰ বাদ দিলে। শিক্ষকৰ ক্ষেত্ৰত আমি কঠোৰ হ’লে আপোনালোকেই আমাক সমালোচনা কৰে। তেওঁ কয় যে আমাক মাত্ৰ দুটা বছৰ দিয়ক আৰু তাৰ পাছত দেখিব ১০০ শতাংশই ভাল ৰিজাল্ট হৈছে।