গুৱাহাটী,১২ জুনঃ বিত্ত মন্ত্রী অজন্তা নেওগৰ আহ্বানত আজি অসম চৰকাৰৰ প্ৰধান সচিব, আয়ুক্ত সচিব, সচিব আৰু বিভাগীয় জ্যেষ্ঠ বিষয়াৰ সৈতে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধিৰ এক বৈঠক অনুষ্ঠিত হয়। জনতা ভৱনত বিত্ত বিভাগৰ সভাগৃহত পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ প্ৰধান সচিব অৰ্চনা বাৰ্মাৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত চৰকাৰী কৰ্মচাৰীৰ এন পি এছ ব্যৱস্থা আৰু পেঞ্চন তথা অৱসৰকালীন দিশসমূহত তেওঁলোকে সন্মুখীন হৈ অহা বিভিন্ন অসুবিধাসমূহৰ বিষয়ে বুজ লোৱাৰ উপৰি এই বিষয়ত মন্ত্রীগৰাকীয়ে বিস্তৃতভাৱে আলোচনা কৰে। বৈঠকত হোৱা আলোচনাকালত সংস্থাৰ প্ৰতিনিধিবৰ্গই এন পি এছৰ ভয়াবহতা, ইয়াৰ দ্বাৰা কৰ্মচাৰী সমাজৰ অৱসৰী জীৱনৰ অভাৱগ্ৰস্ততা প্ৰকাশ কৰে আৰু ইতিমধ্যে অৱসৰী কৰ্মচাৰী সকলৰ দুৰ্বিষহ প্ৰতিচ্চবি দাঙি ধৰি সমস্যাৰ সমাধানৰ বাবে চৰকাৰক অনুৰোধ জনায়। আলোচনাত বিত্ত মন্ত্ৰীগৰাকীয়ে বিষয়টোৰ ক্ষেত্ৰত চৰকাৰ অৱগত বুলি উল্লেখ কৰি কৰ্মচাৰী সমাজক সকাহ দিয়াৰ বাবে প্ৰয়োজনীয় নীতি নিৰ্ধাৰণৰ লগতে ফলপ্ৰসু সিদ্ধান্তৰ ক্ষেত্ৰত চৰকাৰে এক উচ্চ স্তৰীয় সমিতি গঠন কৰিছে বুলি জনায়। সংস্থাৰ সজাতি দলে ডি চি আৰ জি/চি এফ পি অমিমাংসীত এন পি এছ গোচৰ সমূহৰ সমাধানৰ বাৱে ক্ষিপ্ৰ প্ৰদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। বৈঠকত সংস্থাৰ হৈ উপদেষ্টা জগদিশ গোস্বামী, সভাপতি অচ্যুতানন্দ হাজৰিকা, ৰাজ্যিক মুখপাত্ৰ ড. জ্যোতিষ গোস্বামী, সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মা, সম্পাদক ৰাতুল বৰ্মন, ধীৰাজ বৰা, কোষাধ্যক্ষ আব্দুল ৰৌফে অংশগ্ৰহণ কৰে। সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত চৰকাৰ, মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে দেখুওৱা সহাৰিৰ বাবে সংস্থাই কৃতজ্ঞতা প্ৰকাশ কৰে।