গুৱাহাটী,১২ জুনঃ তেজপুৰত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় উপায়ুক্ত সন্মিলন। গোপীনাথ বৰদলৈৰ মৃত্যু তিথিত পাঁচ আগষ্টত ভালকৈ আৰু দক্ষতাৰে কাম কৰা অৰাজপত্ৰিত চৰকাৰী বিষয়া তথা চৰকাৰী কৰ্মচাৰী সকলক পুৰস্কৃত কৰাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। এই বছৰ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা ৬,৯৮,৫০০ মেট্ৰিক টন ধান ক্ৰয় কৰা লক্ষ্যত উপনীত হোৱাৰ বাবে উপায়ুক্ত সকলে যথেষ্ঠ চেষ্টা কৰি আহিছে আৰু বৰ্তমানলৈ সামূহিকভাৱে ৩.৫ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিবলৈ সক্ষম হৈছে। তেজপুৰত আজিৰে পৰা অনুষ্ঠিত হোৱা উপায়ুক্ত সন্মিলনত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয় । ইয়াৰোপৰি ড° শৰ্মাই লগতে কয় যে এই ধান ক্ৰয়ৰ বাবদ কৃষক সকলক প্ৰায় সাতশ কোটি টকা মুকলি কৰি দিয়া হৈছে। ইয়াৰ ফলত গ্ৰামাঞ্চলত কৃষি বিনিয়োগ, শস্য পৰিকল্পনা, উৎপাদনশীলতা আৰু আৰ্থ-সামাজিক ফলাফলত যথেষ্ট প্ৰভাৱ পৰিব। একে সময়তে উপায়ুক্ত সকলে তৈলবীজ আৰু মাহ জাতীয় শস্যৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰসাৰ আৰু সম্প্ৰসাৰণৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিব বুলিও আশা কৰা হৈছে। মুখ্যমন্ত্ৰী শৰ্মাই লগতে পি এম কিষানৰ হিতাধিকাৰী সকলৰ আধাৰ কাৰ্ডৰ সংযোজন, অৰুনোদয় হিতাধিকাৰী সকলৰ পুনৰীক্ষণৰ লগতে জল জীৱন মিছনৰ ক্ষেত্ৰতো সমানে গুৰুত্ব আৰোপ কৰিবলৈ উপায়ুক্ত সকলক‌ আহ্বান জনায়। উল্লেখ্য যে তেজপুৰৰ বাটমাৰীৰ কনভেনচন ভৱনত ৰাজ্যখনৰ ৩৫ খন জিলাৰ উপায়ুক্ত সকলৰ সন্মিলন আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে। সেই অনুসৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই উপায়ুক্ত সন্মিলনত ৰাজ্যৰ জিলাসমূহত চৰকাৰী আঁচনি সমূহৰ কাৰ্যকৰী কৰণৰ খতিয়ান সমুহ দাঙি ধৰাৰ লগতে আঁচনি সমূহৰ কাৰ্যকৰী কৰণৰ বাবে কৰণীয় সকলো বিষয় সামৰি লোৱা হ’ব। ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা এই সন্মিলন খনত একোজনকৈ অতিৰিক্ত উপায়ুক্তইয়ো অংশ লয়। ইয়াৰোপৰি সন্মিলনখনিত মুখ্যমন্ত্ৰীয়ে নিজা ভাষণত চৰকাৰে গ্ৰহণ কৰা সকলোবোৰ আচঁনিয়ে ৰাজ্যৰ দৰিদ্ৰ সকলৰ জীৱনৰ নিৰ্বাহৰ মান উন্নীত কৰাৰ লগতে ইতিবাচক প্ৰভাৱ পেলাব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে অন্তোদয়ৰ বাবে আঁচনি সমূহ পৰ্যালোচনা কৰাৰ সময়ত এই কথা সদায় মনত ৰাখিবলৈ আৰু একেধৰণৰ আঁচনি যেনে পি এম এৱাই (গ্ৰামীন),অটল অমৃত অভিযান আৰু আই চি ডি এছক অগ্ৰাধিকাৰ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ উপায়ুক্ত সকলৰ সন্মিলনত মুখ্যমন্ত্ৰীয়ে ভাষণত আৰু কয় যে ৰাজ্যৰ সামগ্ৰিক পৰিৱেশটোক আৰু অধিক আগুৱাই লৈ যাব লাগে ,শক্তিশালী ভাৱে সমৃদ্ধি আৰু উন্নত কৰাৰ বাবে কাম কৰিব লাগে তথা বাহিৰৰ পৰা যদি কোনোবাই অসমত বিনিয়োগ কৰিবলৈ আহিছে আৰু এইক্ষেত্ৰত তেওঁলোকক ভূমি অধিগ্ৰহনৰ সমস্যা সোনকালে নাইকীয়া কৰি দিব পৰা যায় , সকলোকে যাতে ন্যায় দিব পৰা যায় তাৰ বাবে ব্যৱস্থা কৰিব লাগে । আনহাতে শিক্ষক দিৱসত শিক্ষক সকলক পুৰস্কাৰ দিয়া হয় আৰু সাধাৰনতে ৰাজনৈতিক নেতাৰ অনুমোদনত পুৰস্কাৰৰ বাবে শিক্ষক বাচি উলিওৱাটো বন্ধ কৰাৰ পোষকতা কৰি মুখ্যমন্ত্ৰীয়ে সঁচাকৈ ভাল শিক্ষক সকলে পুৰস্কাৰ পাব লাগে বুলি মন্তব্য কৰে। তদুপৰি তাৰ প্ৰতি উপায়ুক্তসকলেক বিশেষভাৱে দৃষ্টি দিবলৈ আহ্বন জনায়। ইফালে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি উপলক্ষে পাঁচ আগষ্টত ভালকৈ আৰু দক্ষতাৰে কাম কৰি থকা অৰাজপত্ৰিত চৰকাৰী বিষয়া তথা চৰকাৰী কৰ্মচাৰী সকলকো পুৰস্কৃত কৰাৰ বাবে ব্যৱস্থা গ্ৰহনৰ কথা মুখ্যমন্ত্ৰীয়ে সন্মিলনত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে যিসকল কৰ্মচাৰী তথা বিষয়াই ৰাজনৈতিক প্ৰভাৱ আৰু ব্যক্তিগত ধ্যান ধাৰনা অবিহনে নিষ্ঠা আৰু , সততাৰে কাম কৰি আছে সেই সকলক লোককে যাতে পুৰস্কাৰ দিয়া হয় তেনে নিৰ্দেশনা আজি উপায়ুক্ত সকলক দিয়ে ৷ আনহাতে এই উপায়ুক্ত সন্মিলনৰ বিষয়ে দুপৰীয়া সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰি ৰাজ্যৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই লগতে কয় যে এ আই ইউ ডি এফ ,আপ ,কংগ্ৰেছ ,ৰাইজৰ দল আৰু এজেপিৰ মাজত এতিয়া এটা জেগাতেই প্ৰতিযোগিতা চলিছে। মন্ত্ৰী হাজৰিকাই ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ এতিয়া ধুবুৰীতে থাকে আৰু এজেপিৰ লুৰিণজ্যোতি গগৈয়ো সেই ঠাইলৈ গৈ প্ৰচাৰ চলায় বুলি কটাক্ষ কৰি লগতে কংগ্ৰেছে কেৱল তুষ্টিকৰনৰেই ৰাজনীতি কৰা আৰু এ আই ইউ ডি এফ মৌলানা বদৰুদ্দিন আজমলৰ দল বুলিও মন্তব্য কৰে ।
লগতে এ আাই ইউ ডি এফ দলক কোনে ভোট দিয়ে সেয়া সকলোৱে জানে বুলি উল্লেখ্য কৰি আপৰ ভোটো তেনে আৰু আপে পৌৰ নিৰ্বাচনত গুৱাহাটীত কেবল হাতীগাঁৱত এখন আসনতে জিকিছে আৰু এজেপিও গাড়ী গাঁৱতে এখন আসনতে জিকিছে বুলি কয়। একেদৰে এটা নিৰ্দিষ্ট মানুহৰ সমষ্টিত অথবা এক অঞ্চলতে পাঁচটা দলৰ মাজত প্ৰতিদ্বন্দিতা চলিছে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই বিজেপি ইয়াৰ পৰা বাচি থকা বুলিও কয়৷ বিজেপি ৰাজ্যত আৰু ৰাইজৰ লগত থকা বুলিও মন্তব্য কৰে ৷