লখিমপুৰ, ১৯ জুনঃ নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ পৰিণতিত লখিমপুৰ জিলাৰ বান পৰিস্থিতি আজিও অপৰিবৰ্তিত অৱস্থাতে আছে। ইতিমধ্যে জিলাখনৰ বিহপুৰীয়া, নাওবৈচা, উত্তৰ লখিমপুৰ, কদম আৰু সোৱণশিৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ৬৬ খন গাঁও জলমগ্ন অৱস্থাতে আছে। জানিব পৰা মতে, বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ধৰ্মপুৰ, তৰাজুলি, খেৰবাৰী, দৌলতপুৰ, বিহপুৰীয়া গাঁও, চিচাপথাৰ, গড়মূৰকে ধৰি ১৪ খন গাঁও, নাওবৈচা ৰাজহ চক্ৰৰ আহোমনি, গেলাহাটী, বৰগঞা, ভৰলুৱা, বামুনগঞা, বিষ্ণুপুৰ, বোকানৈ, চেঙেলীজান, ম’হঘুলি, পানধোৱা, ৰাণাবাৰী আৰু পাঁচনৈকে ধৰি ৩৮ খন গাঁও, উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আজাৰগুৰি, আমতলা, শান্তিপুৰ, দেওবিল, ১ নং আদৰ্শ হিন্দু গাঁও, কদম ৰাজহ চক্ৰৰ অন্তৰ্গত কদম বাগান গাঁও, কদমিয়াল বঙালি, ন-ভঙনীয়া, নাহৰবাৰী, ৪ নং কাতৰিচাপৰিকে ধৰি ৭ খন গাঁও আৰু সোৱণশিৰি ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীগড় তথা এন চি লেজুৱা গাঁৱৰ বান পৰিস্থিতি আজিও অপৰিবৰ্তিত অৱস্থাতে আছে। ইতিমধ্যে জিলাখনত ৪০,৯৬৫ গৰাকী লোক বানাক্ৰান্ত হোৱাৰ লগতে ৫৪৯.৩০ হেক্টৰ কৃষিভূমি বানত বিধ্বস্ত হৈছে। বানবিধ্বস্ত এলেকাসমূহৰ বিপৰীতে জিলা প্ৰশাসনে পৰ্যাপ্ত হাৰত সাহায্য সামগ্ৰী আগবঢ়োৱা বুলি প্ৰকাশ কৰিছে যদিও দিন হাজিৰা কৰি তথা ঠেলা-ৰিক্সা চলাই পেটে-ভাতে জীৱন নিৰ্বাহ কৰি থকা লোকসকলৰ নেৰানেপেৰা বৰষুণৰ ফলত উপাৰ্জনৰ পথ ৰুদ্ধ হৈ পৰাত তেওঁলোকৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে। ইফালে অৰুণাচল প্ৰদেশৰ দুইমুখস্থিত ডিক্ৰং নদীৰ পাৰে প্ৰকল্পৰ পৰা নিপকো কৰ্তৃপক্ষই যোৱা ১৬ জুনৰ নিশাৰপৰা আজিপৰ্যন্ত প্ৰায় ধাৰাবাহিকভাৱেই ১ নং আৰু ২ নং গেটেৰে দিনে-নিশাই ২০০০ মিঃমিঃ ৰ পৰা ৪৩০০ মিঃমিঃপৰ্যন্ত পানী এৰি অহাত তথা ৰঙানদী প্ৰকল্পৰ পৰাও ১০০০ মিঃমিঃ ৰ পৰা ১৫০০ মিঃমিঃ কৈ পানী মাজে-সময়ে এৰি থকাত নদী দুখনৰ নামনি অংশত বসবাস কৰা লোকসকলৰ মাজত আতংকই বিৰাজ কৰিছে।শেহতীয়াকৈ লখিমপুৰৰ বগলীজানত ৰঙানদীৰ মথাউৰিৰ প্রতি খহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে।