লখিমপুৰ,১৯ জুনঃ লখিমপুৰ জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰীয়া খৰস্ৰোতা শিঙৰা নদীৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে বাঢ়ি অহাত নাওবৈচাৰ ৰাজহ চক্ৰৰ দক্ষিণ প্ৰান্তৰ ৩০খনতকৈ অধিক গাঁৱত বানে সংহাৰী মূৰ্তি ধাৰণ সহস্ৰাধিক জনসাধাৰণৰ মাজলৈ ঘোৰ বিপৰ্যয় নমাই আনিছে। শিঙৰা নদীৰ সোঁপাৰৰ উন্মুক্ত মথাউৰি অংশৰে নদীখনৰ বাঢ়নী পানী সোমাই অহা পৰিপ্ৰেক্ষিতত দক্ষিণ প্ৰান্তৰ গোসাঁনীবাৰী,১নং গেলাহাটী,২নং গেলাহাটী, চেঙেলীজান, আহোমণি,শিঙৰা গাঁও, বৰপথাৰ, টকৌগুৰিকে ধৰি প্ৰায় ৩০ খনতকৈ অধিক গাঁৱত বান প্ৰলয়ৰ সূচনা কৰি বিভীষিকাৰ সৃষ্টি কৰি আহিছে। যোৱা চাৰিটা দিনে সংহাৰী বানত অন্ন বস্ত্ৰ বাসস্থান হেৰুৱাই সীমাহীন দুৰ্যোগৰ মাজেৰে দিন অতিবাহিত কৰা এইসকল বানাক্ৰান্ত ৰাইজক এষাৰ মাত দিবলৈ আহৰি নোপোৱা স্থানীয় বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে ৰাইজে তীব্র ভাষাৰে কৰ্কথনা কৰিছে। ৷ ইয়াৰ বিপৰীতে লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কৃষাণ আজি নাওবৈচা বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ অহাত বানাক্ৰান্ত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে । মন্ত্ৰী সঞ্জয় কৃষাণে শিঙৰা বানত অতি বিধ্বস্ত হোৱা গোসাঁনীবাৰী-গেলাহাটী অঞ্চলৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ সমস্যাৰ বুজ লয় । উল্লেখ্য যে, জলসম্পদ বিভাগে পৰিকল্পনাহীন তথা চৰম অদূৰদৰ্শিতাৰে শিঙৰা নদীৰ সোঁপাৰে পঠালিকৈ এটা মথাউৰি নিৰ্মান কৰাৰ লগতে মথাউৰিটো শিঙৰা গাঁৱৰ সমীপত আধৰুৱাকৈ এৰি কামটো সম্পূৰ্ণ কৰে। লগতে শিঙৰা নদীৰ মূল সুঁতিত একাংশ সন্দেহজনক নাগৰিকে বেদখল কৰাত নদীখন মূল সুঁতি এৰি পূবলৈ ঘূৰি অহাত আধৰুৱাকৈ এৰি থোৱা মথাউৰি উন্মুক্ত অংশৰে বাৰিষা বাঢ়নী পানী সোমাই আহি অঞ্চলটোত ধাৰাবাহিকভাৱে সন্ত্ৰাস চলাই ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে। অঞ্চলটোৰ এই ভয়াবহ বান সমস্যাটোৰ সমাধান কৰাৰ বাবে বহু গণতান্ত্ৰিক আন্দোলনকৰে ধৰি চৰকাৰক অনুনয় বিনয় কৰিছে যদিও বান সমস্যাটো সমধান নোহোৱাত ৰাইজ বৰ্তমান সংহাৰী বানত ককবকাই থাকিব লগীয়া হৈছে। আজি বান পৰিস্থিতি পৰিদৰ্শন কালত মন্ত্ৰী গৰাকী বানাক্ৰান্ত ৰাইজে দীৰ্ঘ দিনে ভোগ কৰি অহা বান সমস্যাটো বিষয়ে বিতং ভাৱে অৱগত কৰে। মন্ত্ৰী গৰাকীয়ে ৰাইজৰ অভাৱ অভিযোগ সমূহ গুৰুত্ব সহকাৰে শুনাৰ লগতে ইতিমধ্যে গোসাঁনীবাৰী-গেলাহাটী বান সমস্যাটোৰ বাবে জৰীপৰ কাম শেষ হৈছে বুলি অৱগত কৰাৰ লগতে অহা খৰালিত উচ্ছেদ কৰি হলেও বান সমস্যাটো সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে। আনহাতে বানাক্ৰান্ত অঞ্চলটোৰ ৰাইজক প্ৰয়োজন বান সাহাৰ্য প্ৰদান কৰিবলৈ জিলা উপায়ুক্ত নিৰ্দেশ দিয়ে। যদিহে মন্ত্ৰী সঞ্জয় কৃষাণে কোৱাৰ দৰে অহা খাৰলিত অঞ্চলটোৰ বান সমস্যা সমাধানৰ বাবে চৰকাৰে হাতত লৈ তেনেহলে অঞ্চলটোৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া বান সমস্যাটো সামাধন হব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।