গুৱাহাটী,২১ জুনঃ ভয়াৱহ বানে ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ একাংশ প্লাবিত কৰিছে। এই বানৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনত এতিয়ালৈকে মৃত্যু হৈছে আঠটাকৈ বন্যপ্রাণীৰ। ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়াই জানিবলৈ দিয়া মতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী উদ্যানখনৰ ভিতৰলৈ সোমাই অহাত বর্তমান মুঠ ২২৩টা বন শিবিৰৰ ভিতৰত এতিয়ালৈকে ৫৫টা বন শিবিৰত পানী সোমাইছে। ইয়াৰে সর্বাধিক অগৰাতলি বনাঞ্চলৰ অধীনত থকা ১৬টা বন শিবিৰ, কঁহঁৰাত ৯ টা, বাগৰিত ১০ টা, বুঢ়াপাহাৰত ৬টা, বোকাখাত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনত তিনিটা আৰু বিশ্বনাথ বন সংমণ্ডলৰ অধীনত আঠটা শিবিৰৰ তলত পানী সোমাইছে। আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ অন্তৰ্গত নগাঁও বন সংমণ্ডলৰ অধীনত লাওখোৱা- বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত থকা তিনিটা বন শিবিৰ প্লাৱিত হৈছে বুলি তথ্যৰ পৰা জানিব পৰা গৈছে। ইফালে বানৰ সময়ত গঁড়, হাতী, ম’হকে ধৰি আন বন্যপ্ৰাণী যেনি-তেনি এতিয়ালৈকে ঢাপলি মেলা নাই যদিও কিছু পহু ওখ ঠাই বিচাৰি ঢাপলি মেলিছে। বিভাগীয় তথ্যৰ পৰা জানিব পৰা মতে, এতিয়ালৈকে ৰাইজৰ সহযোগত আঠটা আৰু অন্যান্য কাৰণত দুটাকে ধৰি মুঠ ১০টা পহু উদ্ধাৰ কৰা হৈছে। ইয়াৰে এটা পহু কাজিৰঙাৰ পানবাৰীত অৱস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল যদি আন ৯টা পহুক উক্ত কেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি নিৰাপদ ঠাইত পুনৰ মুকলি কৰি দিয়া হৈছে। এইবাৰৰ বানত এটা পহুৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী গাড়ীৰ খুন্দাত আন তিনিটা পহু, এটা নাহৰফুটুকী আৰু অন্যান্য কাৰণত আৰু দুটা পহুক লৈ মুঠ আঠটা বন্যপ্ৰাণীৰ মৃত্যু হৈছে।