লখিমপুৰ,২১ জুনঃ সমগ্ৰ দেশৰ লগতে আজি লখিমপুৰ জিলাতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস লখিমপুৰ জিলা প্ৰশাসন, জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত নেহেৰু যুৱ সংঘ , আই ৱাই এন এছ আৰু আকাংক্ষা যোগ , ৱেলনেছ চেণ্টাৰৰ সহযোগত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ(স্বায়ত্ব) ষ্টেডিয়ামত উদযাপন কৰা হয় । অসম চৰকাৰৰ শ্ৰম ,চাহ জনজাতি উন্নয়ন ও নিয়োগ বিভাগ তথা অভিভাৱক মন্ত্ৰী সঞ্জয় কৃষানে বন্তি প্ৰজ্বলন কৰি যোগ দিৱসটি শুভৰাম্ভ কৰে । অনুষ্ঠানত জিলা উপায়ুক্ত সুমিত স্বত্বাৱন, জিলা অতিৰিক্ত উপায়ুক্ত গিতালি দুৱৰা, মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমান চেতিয়া ,জিলা স্বাস্থ্য বিভাগৰ বিষয়া পংকজ সভাপণ্ডিত আদিয়ে অংশ গ্ৰহণ কৰে ।ইফালে আজি কৃষি বিজ্ঞান কেন্দ্ৰ (কেভিকে) আৰু আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ (আৰআৰএছ)ৰ উদ্যোগতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটি উদযাপন কৰা হয় । এই কাৰ্যসূচীত এফ পি অ’ৰ সদস্যসকলেও অংশগ্ৰহণ কৰে। সমল ব্যক্তি,হিচাপে বিবেকানন্দ কেন্দ্ৰৰ পৰা দীপা শইকীয়া আৰু ৰিঞ্জু কৌৰে অংশগ্ৰহণকাৰীসকলক পথ প্ৰদৰ্শন কৰে।