তিনিচুকীয়া,২২ জুনঃ তিনিচুকীয়াত চৰকাৰী ভূমিত হৈ থকা অবৈধ নিৰ্মাণকাৰ্য্য তথা বেদখলৰ প্ৰতি কঠোৰ হৈছে তিনিচুকীয়া জিলা প্ৰশাসন। তিনিচুকীয়া নগৰৰ এ টি ৰোডৰ পদপথত অবৈধভাবে স্থাপন কৰা কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠন আজি তিনিচুকীয়া পৌৰসভাই উচ্ছেদ কৰে। উল্লেখযোগ্য যে, পদপথসমূহত অবৈধভাবে স্থাপন কৰা ব্যৱসায়িক প্ৰতিষ্ঠনসমূহৰ বাবে জনসাধাৰণৰ পদপথত চলাচল কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়।আনহাতে তিনিচুকীয়া নগৰত অস্থায়ী ব্যৱসায়িক প্ৰতিষ্ঠনৰ বাবে তিনিকোণীয়া পুখুৰীৰ সমীপত এটা street vending zone নিৰ্ধাৰণ কৰা হৈছে বুলি তিনিচুকীয়া পৌৰসভা কতৃপক্ষই জানিবলৈ দিছে। উল্লেখযোগ্য যে, জিলা উপায়ুক্ত শ্ৰী নৰসিং পৱাৰে জিলাখনত চৰকাৰী ভুমি বেদখলমুক্ত কৰিবৰ বাবে অনাগত দিনত প্ৰশাসনে আৰু অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে।কোনোধৰণৰ আপোচ নকৰাকৈ চৰকাৰী ভুমিত থকা অবৈধ নিৰ্মাণকাৰ্য্য আৰু বেদখল তাৎক্ষণিক ভাৱে উচ্ছেদ কৰা হব বুলিও জিলা উপায়ুক্তই অৱগত কৰিছে। আনহাতে, চৰকাৰী ভুমিত অবৈধ বেদখল অথবা অবৈধ সুৰাৰ ব্যৱসায়ৰ অভিযোগ তাৎক্ষণিক ভাৱে জিলা প্ৰশাসনক 9394585622 Whatsap নম্বৰত অথবা E-mail ID: publicgrievancetsk@gmail.com ত পোনপটীয়াকৈ দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছে।