লখিমপুৰ,২২ জুন : শিশুক যৌন নির্যাতন চলোৱা এজন লোকক আজি লখিমপুৰৰ বিশেষ আদালতে সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। প্ৰাপ্ত তথ্য অনুসৰি লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তর্গত তথা লালুক মেনেহাত ২০২১ বৰ্ষত মুনু চমুৱা নামৰ (৫০) এজন লোকে গাঁও খনৰে এগৰাকী ৮-৯ বছৰীয়া শিশুক যৌন নির্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। লালুক থানাৰ গোচৰ নং ৩৬/২০২১ মৰ্মে লখিমপুৰৰ বিশেষ আদালতত গোচৰ চলাৰ পিছত পকচ’ আইনৰ অধিনত মুনু চমুৱাই জেল হাজোতত থকাৰ সময়তে আজি লখিমপুৰৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতত বিচাৰপতি ৰশ্মিতা দাসে মুনু চমুৱাক ২ বছৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে তিনি হাজাৰ টকাৰ জৰিমনা বিহে। জৰিমনা অনদায়ে অতিৰিক্ত তিনি মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। শিশুক যৌন নির্যাতন চলোৱা এই গোচৰৰ চৰকাৰী পক্ষৰ অধিবক্তা আছিল মাধৱ গগৈ।