গুৱাহাটী,২২ জুনঃ বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত মাজগাওঁ নিবাসী জ্ববৰ আলি নামৰ এক দুষ্ট প্ৰকৃতিৰ যুৱকে গুৱাহাটীৰ আজাৰাত বছৰ বছৰ ধৰি বাহৰপাতি অসমৰ বহু দুখীয়া নিছলা ছাত্র-ছাত্ৰীৰ পৰা ঠগ প্ৰবঞ্ছনাৰে লাখ লাখ টকা আত্মসাত কৰাৰ কথা পোহৰলৈ আহিছে। উল্লেখযোগ্য যে বৰপেটাৰ মাজগাওঁ নিবাসী আৰফান আলি নামৰ ব্যক্তিৰ পুত্ৰ জ্ববৰ আলিয়ে দীৰ্ঘদিন ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীক নাৰ্ছ, লেবৰটৰী টেকনিছিয়ান আদিকে ধৰি বিভিন্ন পদৰ নামভৰ্ত্তি, শিক্ষা প্ৰদান আৰু পৰীক্ষাৰ বাবে শ শ ছাত্র ছাত্ৰীৰ পৰা লাখ লাখ টকা মাচুল হিচাপেলৈ মুঠ ৪ কোটিতকৈ অধিক টকা লুণ্ঠন কৰি বৰ্তমান অন্তধ্যান হৈ আছে। এই সন্দৰ্ভত কৰ্ণাটকৰ বেংলৰস্থিত ৰাজ পোটানা কলেজ অব ফাৰ্মাচী আৰু এ জে এদুকেচন ট্ৰাষ্টএ জনাই যে বিগত ২০২০ বৰ্ষৰ পৰা জ্ববৰ আলি নামৰ অভিযুক্তটোৱে বাংগালোৰৰ এই প্ৰতিষ্ঠানৰ নামত অসমৰ বহু ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰ আৰু জীৱনৰ লগত হেতালি খেলি আহিছে। সেয়ে এই প্ৰতিষ্ঠানৰ তৰফৰ পৰা অসম বাসীক এই বিষয়ত সাৱধানতা অৱলম্বন কৰি এনে দুধর্ষ প্ৰবঞ্ছকৰ পৰা যাতে আঁতৰি থাকি নিজ নিজ সন্তানক সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান জনায়। চল বল কৌশলেৰে জ্ববৰে এই প্ৰতিষ্ঠানৰ নাম অপব্যৱহাৰ কৰি অসমৰ বহুতো ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰ ধ্বংস কৰা কাৰ্যটো এক চিন্তনীয় বিষয় হিচাপে পৰিগণিত হৈছে।