তিনিচুকীয়া,২১ জুন: তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আজি তিনিচুকীয়াৰ মানৱ কল্যাণ ভৱনত অনুষ্ঠিত হয়। জিলা উপায়ুক্ত নৰসিং পৱাৰে বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰা এই যোগ দিৱসত জিলা প্ৰশাসনৰ বিষয়া- কৰ্মচাৰীসকল, ব্ৰহ্মকুমাৰী তিনিচুকীয়া, আৰ্ট অব লিভিং তিনিচুকীয়া, পতাঞ্জলী যোগ পীঠ তিনিচুকীয়া, গুৰুদ্বাৰা চাহেব সমিতি তিনিচুকীয়া, চেম্বাৰচ অব কমাৰ্চ তিনিচুকীয়াৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি, স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। ২০২২ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল বিষয়বস্তু “মানৱতাৰ বাবে যোগ”। জিলা উপায়ুক্ত নৰসিং পৱাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ তাৎপৰ্য্য ব্যাখ্যা কৰাৰ লগতে মানৱ জীৱনত শৰীৰ আৰু মনৰ সুস্থতাৰ বাবে যোগাভ্যাসৰ প্ৰয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে। নিয়মিত যোগাভ্যাসে শৰীৰ আৰু মনৰ ভাৰসাম্য ৰক্ষা কৰাত সহায়ক বুলি উল্লেখ কৰি শৰীৰ আৰু মন সুষ্ঠ হ’লেহে দেশ তথা সমাজৰ বাবে কৰণীয়খিনি কৰি যাবলৈ সক্ষম হম বুলিও নিজ ভাষণত উল্লেখ কৰে। আজিৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত তিনিচুকীয়া জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী, তিনিচুকীয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ, অতিৰিক্ত উপায়ুক্ত দিপু কুমাৰ ডেকা, ছৰফ্ৰাজ হক, সুশান্ত দত্ত, মনজিৎ বৰকাকতী, তিনিচুকীয়া ৰাজহচক্ৰৰ চক্ৰ বিষয়া চিন্ময় পাথক, চক্ৰ বিষয়া সংলগ্ন ডিম্পী ভট্টাচাৰ্যী, সহকাৰী আয়ুক্ত নিলুৰাম শৰ্মা, নিলাক্ষী ভূঞা, নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়া, তিনিচুকীয়া পৌৰসভাৰ সভাপতি জয়ন্ত বৰুৱা, কাৰ্য্যবাহী বিষয়া মনজিৎ দলে প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।