তিনিচুকীয়া,২৩ জুন: অৰুণাচল প্ৰদেশৰ দিবাং ভেলী জিলাৰ আনিনীত ১৮ জুন ২০২২ তাৰিখে তিনিচুকীয়া জিলাৰ এটি নাবালক শিশু নিজ পৰিয়ালৰ পৰা বিছিন্ন হোৱাৰ সম্ভেদ পোৱাৰ পাছতেই তিনিচুকীয়া জিলা প্ৰশাসনে অৰুণাচল প্ৰদেশৰ দিবাং ভেলী জিলা প্ৰশাসনৰ সৈতে তাৎক্ষণিক ভাৱে যোগাযোগ কৰি শিশুটিৰ উদ্ধাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ ফলশ্ৰুতিত দিবাং ভেলী জিলা প্ৰশাসন আৰু জিলা শিশু সুৰক্ষা বিষয়াৰ তৎপৰতাত ২০ জুন,২০২২ তাৰিখে শিশুটি সুকলমে উদ্ধাৰ কৰা হয়। উদ্ধাৰ কৰা শিশুটি দিবাং ভেলী জিলা শিশু সুৰক্ষা বিষয়াই বুধবাৰে অৰ্থাৎ ২২ জুন তাৰিখে তিনিচুকীয়া জিলাৰ শদিয়া চাইল্ড লাইনৰ হাতত হস্তান্তৰ কৰে। আনহাতে শিশুটিক আজি সম্পূর্ণ সুৰক্ষিতভাৱে নিজ পৰিয়ালৰ হাতত চমজাই দিয়া হয়। শিশুটিৰ উদ্ধাৰ কাৰ্য্যৰ বাবে অৰুণাচল প্ৰদেশৰ দিবাং ভেলী জিলা প্ৰশাসন আৰু জিলা শিশু সুৰক্ষা বিষয়াই যি তৎপৰতা আৰু সহযোগিতা আগবঢ়ালে তাৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনে ধন্যবাদ জ্ঞাপন কৰিছে।
Home অসম আৰু উত্তৰপূব শিশু উদ্ধাৰ : অৰুণাচলৰ দিবাং ভেলী জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন তিনিচুকীয়া জিলা...