গুৱাহাটী,২৪ জুনঃ ৰাজ্যৰ জিলাসমূহৰ আৰক্ষীৰ মাজত আজি ৩১৫ খন মটৰ চাইকেল বিতৰণ কৰা হয়। এই উপলক্ষ্যে গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ ‘পেৰেড গ্রাউণ্ড’ত আয়োজন কৰা এক অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই “ফ্লেগ-অফ” কৰি এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে। উল্লেখ যে “হিৰ’ মট’কৰ্প লিমিটেড”এ তেওঁলোকৰ চি এছ আৰৰ অধীনত ৰাইজৰ সেৱাৰ্থে এই মটৰ চাইকেলসমূহ অসম
আৰক্ষীলৈ উপহাৰ হিচাপে আগবঢ়াই। অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান মহন্তই মটৰ চাইকেলসমূহ আগৱঢ়োৱাৰ বাবে “হিৰ’ মট’কৰ্প লিমিটেড”ৰ কাৰ্য্যবাহীসকলৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰি এইসমূহে অসম আৰক্ষীক যথেষ্ট উপকৃত কৰিব বুলি মন্তব্য কৰে। তেওঁ কয় যে সম্প্রতি অসম আৰক্ষীৰ কাম-কাজ যথেষ্ট বৃদ্ধি পাইছে আৰু আৰক্ষীৰ দৈনন্দিন কাম-কাজত মটৰ চাইকেলসমূহে অধিক গতিশীলতা আনিবলৈ সক্ষম হ’ব। সঞ্চালক প্ৰধানগৰাকীয়ে লগতে ৰাজ্যৰ দুৰ্গম অঞ্চলসমূহৰ ৰাইজক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰতো মটৰ চাইকেলসমূহে যথেষ্টখিনি সহায় কৰিব বুলিও উল্লেখ কৰে। ভাষণ প্ৰসংগত মহন্তই মটৰ চাইকেলসমূহ চলাওতে আৰক্ষীৰ লোকসকলে যাতে পথ সুৰক্ষাৰ নিয়মসমূহ সম্পূৰ্ণকৈ মানি চলে তাৰ প্ৰতি সতর্ক দৃষ্টি ৰাখিবলৈও সংশ্লিষ্ট জিলাসমূহৰ জেষ্ঠ আৰক্ষী বিষয়াসকলৰ প্ৰতি আহ্বান জনায়। উল্লেখ যে হিৰ’ মট’কৰ্প লিমিটেডে আগবঢ়োৱা মুঠ ৩১৫ মটৰ চাইকেলৰ ভিতৰত ২৮৫ খন
‘হিৰ’ গ্লেমাৰ’ আৰু ৩০ খন ‘এক্সট্রিম ১৬০ আৰ’ মটৰ চাইকেল। অনুষ্ঠানত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ক্ৰমে এ ৱাই ভি কৃষ্ণা (চি আই ডি), এম পি গুপ্তা (প্রশাসন) আৰু হিৰেন চন্দ্ৰ নাথ (এছ বি)ৰ লগতে আৰক্ষী মহা-পৰিদৰ্শকদ্বয় অনুৰাগ আগৰৱালা (প্রশিক্ষণ আৰু সশস্ত্ৰ শাখা) আৰু
নিতুল গগৈ (প্রশাসন)ৰ উপৰি অন্যান্য উচ্চ পদস্থ আৰক্ষী বিষয়াসকলো উপস্থিত আছিল। আনহাতে হিৰ’মট’কৰ্প লিমিটেডৰ হৈ অসম আৰু উত্তৰ-পূৱৰ জ্যেষ্ঠ এৰিয়া মেনেজাৰ বিকাশ শৰ্মা, মঙ্গলদৈৰ শ্ৰী সাই মটছৰ ডিলাৰৰ অজয় গুপ্তা, অসম আৰু উত্তৰ-পূৱৰ এৰিয়া মেনেজাৰ মোহিত ভগত, জ’নেল চেলছ
মেনেজাৰ বিপুল কাটাৰে আৰু টেৰিটৰি চেলছ মেনেজাৰ সন্দীপন চৌধুৰীয়েও অনুষ্ঠানত অংশগ্ৰহণ কৰে।