গুৱাহাটী,২৫ জুনঃ ২৭ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ একাউণ্ট যোগে সদৰি কৰে এই কথা। সোমবাৰ ২৭ জুনৰ পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফল। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মুঠ ২,৪৯,৮১২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । ইয়াৰে ৩৮,৪৩০ গৰাকী বিজ্ঞান শাখাত, ১,৯১,৮৫৫ গৰাকী কলা শাখাত আৰু ১৮,৪৩২ গৰাকী পৰীক্ষাৰ্থী বাণিজ্য শাখাত অৱতীৰ্ণ হৈছে । বৃত্তিমূলক শাখাত অৱতীৰ্ণ হৈছে ১,০৮১ গৰাকী পৰীক্ষাৰ্থী। সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা বাৰ্তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।