কাছাৰ জিলাত হোৱা ভয়ংকৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে সপ্তাহটোত দ্বিতীয়বাৰৰ বাবে আজি শিলচৰত উপস্থিত হয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা। এঘণ্টাৰো অধিক সময় নাৱেৰে ৰাঙেৰখাৰীত ৰাষ্ট্ৰীয় ঘাইপথ হৈ তাৰাপুৰ ভ্ৰমণ কৰে মুখ্যমন্ত্রীয়ে । এই ভ্ৰমণকালত মুখ্যমন্ত্রীৰ সৈতে আছিল মন্ত্রী পৰিমল শুক্লবৈদ্য, সাংসদ ডাঃ ৰাজদীপ ৰায়, বিধায়কদ্বয় দ্বীপায়ন চক্ৰৱৰ্তী আৰু কৌশিক ৰায়।