লখিমপুৰ,২৬ জুনঃ অথন্তৰে লগ নেৰা লখিমপুৰৰ নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়ত এইবাৰ ঘটিল অন্য এক আজৱ ঘটনা। চিকিৎসা মহাবিদ্যালয়খনত ল’ৰা সন্তান জন্ম হোৱাৰ পিছত নিশাটোৰ ভিতৰতে অভিভাৱকে কন্যা সন্তান লাভ কৰা ঘটনাই লখিমপুৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণীত প্রকাশ যে লখিমপুৰৰ সমীপৱৰ্তী ঘাৰমৰাৰ চয়নিকা দাস নামৰ এগৰাকী প্রসুতিয়ে শনিবাৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিশু আৰু মাতৃ মঙ্গল কেন্দ্রত এটি পুত্র সন্তান জন্ম দিয়ে। প্রসুতি মহিলাগৰাকীক চিকিৎসক আৰু নাৰ্চেও তেওঁ পুত্ৰ সন্তান জন্ম দিয়া বুলি অৱগত কৰাৰ লগতে চিকিৎসালয়ৰ নথিপত্ৰতো প্রসুতি গৰাকীয়ে ল’ৰা সন্তান জন্ম দিয়া বুলি লিপিবদ্ধ হয়। তাৎপর্যপূর্ণ কথা যে, আজি পুৱা চিকিৎসালয়খনতে মাতৃ চয়নিকা দাসে শিশুটিৰ গাৰ কাপোৰ আতঁৰাই ভালদৰে প্ৰতক্ষ্য কৰাত তেওঁৰ কোলাত থকা কেচুৱাটি কন্যাবুলি জানিব পাৰে। লগে লগে মহিলাগৰাকীৰ অভিভাৱকে বিষয়টি চিকিৎসালয় কর্তৃপক্ষক অৱগত কৰে। এই ঘটনাৰ পিছতে চিকিৎসালয়খনত এক হুৱাদুৱা পৰিবেশৰ সৃষ্টি হয়। ইতিমধ্যে নিশাটোৰ ভিতৰতে পুত্ৰ সন্তানৰ ঠাইত কেনেদৰে মাতৃৰ কোলালৈ কন্যা সন্তান আহিল সেই সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই আৰক্ষীক এজাহাৰ দিয়াৰ লগতে শিশুটিৰ ডি. এন.এ. পৰীক্ষাৰো ব্যৱস্থা কৰিছে।