লখিমপুৰ ২৯ জুনঃ লখিমপুৰ জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত যোৱা নিশাৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত আজি জিলাখনৰ ন ন অঞ্চল প্লাবিত হৈছে। আজি লখিমপুৰ জিলাৰ শিমলুগুৰিত তথা ৰাজগড় ৰামপুৰত চুনজুলি নদীৰ বানে এটা পথত থকা কালভার্ট উটুৱাই নিয়াৰ ফলত সমগ্ৰ অঞ্চলটো বানৰ কবলত পৰিছে।

ইফালে ঘৰস্ৰোতা চেঁচা নদীৰ বাচনী পানীয়ে আজি লখিমপুৰ জিলাৰ ধলপুর মৌজাৰ ফুটাভোগত অভাবনীয় বান পৰিস্থিতিৰ সৃষ্টি কৰে। চেঁচা নদীৰ বানত ফুটাভোগ ৰঙাজানত শতাধিক পৰিয়াল গৃহবন্দী হৈ পৰাত আজি পুৱাৰে পৰা লখিমপুৰ জিলা প্ৰশাসনৰ তৎপৰতাত এছ. ডি. আৰ. বাহিনীয়ে উদ্ধাৰ অভিযান চলায়। চেঁচাৰ বানত বিধ্বস্ত এই লোকসকলক প্রশাসনে ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আশ্রয় শিবিৰত ৰখাৰ ব্যৱস্থা কৰে। উল্লেখ্য যে নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাবে বাঢ়ি অহা চেঁচা নদীৰ বাঞ্ছনী পানীয়ে আজি ৰঙাজান আৰু ফুটাভোগত এক প্ৰকাৰে জল প্ৰলয়ৰ সূচনা কৰে। বানৰ কবলত পৰা এই লোকসকলে হাহাকাৰ কৰাৰ লগতে ঘৰৰ ভিতৰত এডিষ্ঠী পর্যন্ত পানী উঠাত তেওঁলোক কিং কর্তব্য বিমূৰ হৈ পৰে।

অৱশ্যে নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে লখিমপুৰ জিলা প্ৰশাসনৰ তাৎক্ষণিক প্ৰচেষ্টাত এছ. ডি. আৰ. এফ. বাহিনীয়ে পানীত আৱদ্ধ হৈ পৰা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰে। এই পর্যন্ত তিনি শতাধিক লোকক উদ্ধাৰ কৰি প্ৰশাসনে বলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আশ্রয় শিবিৰত স্থান নিয়াৰ লগতে তেওঁলোকক সহায়ৰ ব্যৱস্থা গ্রহণ কৰিছে। একেদৰে চেঁচা, পিচলা, দ্রোপাং নদীৰ বাচনী পানীয়ে ধলপুৰ মৌজাৰ ৰজাবাৰী, ভাতমৌ, খন্সিহামাৰী, নিদানচোৱা, মাজদলনী, বৰঠেকেৰাবাৰী আদি গাওঁসমূহৰ বহু ঘৰ দুৱাৰ, কৃষি-পথাৰ বুৰাই পেলোৱাৰ লগতে বহু লোকৰ পুখুৰীসমূহ পানীত ডুব যায়।

ইফালে আজি ৰঙানদী, ডিক্রং, দ্রোপাং, শিওরা, সোৱণশিৰি আদির বাঢ়নী পানীয়েও বহু অঞ্চল প্লাৱিত কৰাত বান পৰিস্থিতিয়ে অভাৱনীয় ৰূপ ধাৰণ কৰিছে। বিগত দুই তিনিটা দিনত বান পৰিস্থিতি কিছু উন্নত হৈছিল যদিও যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত আজি পুনৰ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। নাওবৈচাটো বান পৰিস্থিতি এক প্ৰকাৰে জটিল ৰূপ ধাৰণ কৰাত বহু পৰিয়াল গৃহবন্দী হৈ পৰিছে।