লখিমপুৰ,২৯জুনঃ অসম অৰুণাচল সীমান্তৱৰ্তী ধেমাজি জিলাৰ গেৰুকামুখস্হিত ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ওপৰেদি পুনৰ হুৰা-হুৰে বাগৰিছে পানী ৷ এন এইচ পি চিৰ তথাকথিত উন্নত প্ৰযুক্তিৰ অহংকাৰ চূৰ্ণ-বিচূৰ্ণ কৰি প্ৰকল্পটোৰ ১১৬ মিটাৰ উচ্চতাত কালি নিশাৰ পৰা সোৱণশিৰি নদীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি অবিৰাম গতিত বৈ আছে পানী ৷
উল্লেখনীয় যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উচ্চতা ১১৬ মিটাৰ ৷ প্ৰকল্পটোৰ নিৰ্মাতা সংস্হা এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম ৮০-ৰ পৰা ৯০ শতাংশ নিৰ্মাণ কাৰ্য সম্পুৰ্ণ কৰা বুলি বাৰে বাৰে দাবী কৰি আহিছে ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য যদি ৮০-ৰ পৰা ৯০ শতাংশ নিৰ্মাণ সম্পূৰ্ণই হৈছে তেন্তে মূল বান্ধৰ ওপৰেদি কি দৰে পানী বাগৰিব পাৰিলে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে ।
তাৎপৰ্যপূৰ্ণ যে, এন এইচ পি চিয়ে মূল বান্ধ নিৰ্মাণৰ বাবে মূল সোৱণশিৰি নদী ভেটা দি এটা বিৰাটকায় সুৰংগয়েদি পানী বোৱাই আছে ৷ তদুপৰি এন এইচ পি চিয়ে বিদ্যুৎ উৎপাদনৰ বাবে ৮ টা সুৰংগ নিৰ্মাণ কৰিছে আৰু আটাইকেইটা সুৰংগয়েদি নদীখনৰ পানী এৰি দি আছে ৷ তৎস্বত্বেও মূল বান্ধৰ ওপৰেদি কিদৰে পানী বাগৰিব পাৰিলে আৰু নামনি সোৱণশিৰি প্ৰকৃততে কিমান নিৰাপদ তাক লৈ তুমুল বিতৰ্কৰ উদ্ভৱ হৈছে ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা ভয়াবহ ৰূপত পানী বাগৰি থকাৰ খবৰে প্ৰকল্পটোৰ নামনি অংশত বসবাস কৰা নৈপৰীয়া ৰাইজক আতংকিত কৰি তুলিছে ৷ ইতিমধ্যে বহু ঠাইত ফেনেফোটোকাৰে নামি অহা সোৱণশিৰিৰ ঢলে নামনি অংশত বানৰ প্ৰকোপ বৃদ্ধি কৰাৰ লগে বহু ঠাইত তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে ৷
ইপিনে ধেমাজি জিলাৰ বহু গাঁৱত জীয়াধলৰ বানে মহা দুৰ্যোগ নমাই আনিছে ৷ বিশেষকৈ ধেমাজি জিলা গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰতুৱা, ফুলবাৰী, চুতীয়াকাৰী, বেতনিহুলা, বৰদৈ, বেৰভঙা আদি গাঁও সম্পূৰ্ণৰূপে ডুবাই পেলাইছে আৰু স্থানীয় ৰাইজ আৰু পোহনীয়া জীৱ-জন্তুৰ অৱস্থা পানীত হাঁহ নচৰা কৰি দিছে ৷ বহু হেক্টৰ কৃষিভূমি পানীত বুৰ যোৱাত কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ আনপিনে জীয়াধল আৰু কুমটীয়া নদীৰ বানে বৰদৈ আৰু বেৰভঙা সংযোগী পথটো বুৰাই পেলোৱাই নহয় পথটোৰ পৰা ৫ ফুট উচ্চতাৰে পানী বৈ থকাত উক্ত পথেদি সকলোধৰণৰ যাতায়াত ব্যাহত হৈ পৰিছে ৷ স্থানীয় বানাক্ৰান্ত ৰাইজে চৰকাৰ আৰু জনপ্ৰতিনিধি সকলৰ পৰা পৰ্যাপ্ত সহায় নোপোৱাৰ অভিযো উত্থাপন কৰিছে ৷
ইফালে লখিমপুৰ জিলাৰ ৰঙানদী, ডিক্ৰং ,শিঙৰা , দ্ৰোপাং ,পিছলা নদীৰ প্ৰবল বানে ৰাইজক ভীষণ সমস্যাত পেলাইছে । নিপকোৰ ৰঙানদী প্ৰকল্প , ডিক্ৰং ৰ পাৰে প্ৰকল্পৰ পানী ধাৰাবাহিক ভাবে এৰি থকাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ।