গুৱাহাটী,১ জুলাইঃ সমগ্ৰ ভাৰততে আজিৰে পৰা নিষিদ্ধ কৰা হৈছে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক। ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ পূৰ্বেই এই সন্দৰ্ভত এক জাননী জাৰি কৰি ১ জুলাইৰ পৰা একক ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। এই নিৰ্দেশনা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক দায়িত্ব প্ৰদান কৰিছে। এই নিৰ্দেশনা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ জৰিয়তে এই নিৰ্দেশনা প্ৰতিখন ৰাজ্যতে কাৰ্যকৰী কৰিব।
উল্লেখ্য যে একক ব্যৱহাৰযোগ্য প্লাষ্টিকে সমগ্ৰ দেশতে নিম্ন উপযোগিতা আৰু অত্যাধিক লেতেৰা কৰাৰ সম্ভাৱনা থকাৰ বাবে এইসমূহ নিৰ্মাণ, আমদানি, মজুত, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা কৰা হৈছে। ইতিমধ্যে বিশ্বজুৰি একক ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে জনমত গঠন হোৱাৰ লগতে বিভিন্ন দেশে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় পৰিৱশে, বন আৰু জলবায়ু মন্ত্ৰণালয়ে মুঠ ১৯ বিধ প্লাষ্টিৰজাতীয় সামগ্ৰীত এই নিষেধাজ্ঞা আৰোপ কৰিছে। এইসমূহ হৈছে এয়াৰ বাড, বেলুনত ব্যৱহাৰ কৰা প্লাষ্টিক ষ্টীক, পতাকা, চামুছ, চকলেটৰ ঠাৰি, আইচক্ৰীমৰ ঠাৰি, থাৰ্ম’কল প্লেট, কাপ, গিলাছ, কাঁটা চামুছ, ছুৰী, ষ্ট্ৰ, ট্ৰে, মিঠাইৰ টোপোলাত মেৰিওৱা বা টোপোলা বন্ধা কাগজ, আমন্ত্ৰণী পত্ৰ, চিগাৰেট পেকেট, ১০০ মাইক্ৰ’নছতকৈ কম প্লাষ্টিক বা পিভিচি বেনাৰ আদি।
এই নিৰ্দেশনা অমান্য কৰিলে বা এই নিষেধাজ্ঞা আৰোপ কৰা প্লাষ্টিকৰ সামগ্ৰী মজুত ৰাখিলে ব্যৱসায়ীসকল কঠোৰ আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব। এই নিৰ্দেশনা নামানিলে বন্ধ কৰি দিয়া হ’ব পাৰে ব্যৱসায়ীক প্ৰতিষ্ঠান।