লখিমপুৰ, ১ জুলাই ; নাঙল যুৱলীলৈ পথাৰত নহয়; এইবাৰ কৃষক নামিল পথত।কদৰ্য পথত ৰোৱনী-কৃষকে মিলি ৰুলে ভূঁই।কৃষকে মৈয়ালে পথ।কদম ৰংপুৰীয়া জৰাধৰা গাঁৱত এই অভিনৱ প্ৰতিবাদ।কোনোকালে এই পথত পৰা নাই চৰকাৰৰ শুভ দৃষ্টি।স্কুল,কলেজ,কৰ্মস্থানলৈ এই কদৰ্য পথেৰেই যাব লাগে ৰাইজ।স্থানীয় বিধায়ক নৱ দলেক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো নাই তিলমানো গুৰুত্ব।উপায়ন্তৰহৈ ৰাইজে ললে এই অভিনৱ প্ৰতিবাদৰ সিদ্ধান্ত।থৌ-থোৱানী গাঁও পঞ্চায়তৰ নাই তিল মানো গুৰুত্ব।বগীনদী উন্নয়ন খণ্ডক বাৰম্বাৰ জনোৱাৰ পিছতো একে দৰেই থাকিল পথ ।