গুৱাহাটী,৪ জুলাইঃ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত আজি অসম তৃণমূল কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰে। সঁজাতি দলটোৱে ৰাজভৱনত ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীৰ সৈতে ৰাজ্যখনৰ শেহতীয়া ভয়াবহ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰি কেইবাটাও বিষয় উত্থাপন কৰে। সজাতি দলটোৱে ৰাজ্যপালক কেইবাদফীয়া এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ যোগে খোৱা পানীকে ধৰি পৰ্যাপ্ত সাহায্য সামগ্ৰী বিতৰণ, পশু খাদ্য প্ৰদান, বানত মৃত লোকৰ পৰিয়ালক ৫ লাখকৈ আৰ্থিক সাহায্য দিয়া, প্ৰয়োজনত সংস্থাপন দিয়া, কৃষককে ধৰি সকলো ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিয়াৰ দাবী জনোৱা হয়। তদুপৰি প্ৰধানমন্ত্ৰীৰ পূৰ্বে ঘোষিত বিশেষ পেকেজ তিনি হাজাৰ কোটি টকা মুকলি কৰা, ২০১৭ চনত ব্ৰহ্মপুত্ৰ নদীৰ বান অধ্যয়ন-গৱেষণাৰ বাবে ঘোষিত এশ কোটি মুকলি, অসমলৈ বিশেষজ্ঞ কেন্দ্ৰীয় দল প্ৰেৰণ, অসমক বিশেষ অৰ্থনৈতিক পেকেজ প্ৰদান, বৰাক উপত্যকাৰ বাবে পৃথক বিশেষ পেকেজকে ধৰি বহু কেইটা দাবী উত্থাপন কৰা হয়।