গুৱাহাটী,৪ জুলাইঃ মাজনিশা ঘৰৰ ভিতৰতে নিচাসক্ত যুৱতীয়ে নিজ পিতৃক প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। কন্যাৰ প্ৰহাৰত আহত পিতৃয়ে চান্দমাৰী থানাত আৰক্ষীক অভিযোগ দিয়ে। অভিযোগ অনুসৰি যুৱতীগৰাকীৰ ঘৰত উপস্থিত হয় চান্দমাৰী আৰক্ষী। ঘৰলৈ আৰক্ষী অহা দেখি অট্টালিকাৰ ওপৰৰ পৰা জঁপিয়াই আত্মহননৰ ভাবুকি দিয়ে যুৱতীগৰাকীয়ে। আৰক্ষীয়ে যুৱতীগৰাকী নিচাসক্ত অৱস্থাত থকাৰ সন্দেহ কৰিছে । পিছত অগ্নি আৰু আপদকালিন বিভাগৰ লোক উপস্থিত হোৱাতহে পৰিস্থিতি সাম কাটে।