গুৱাহাটী,৭ জুলাইঃ ভয়াৱহ বানৰ কবলত পৰা অসমক অৱশেষত কেন্দ্ৰীয় চৰকাৰে আগবঢ়ালে আৰ্থিক সাহায্য। ৰাজ্যৰ বান পৰিস্থিতি মোকাবিলা কৰিবলৈ তথা বানাক্ৰান্তক সহায় আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰে ৩২৪.৪০ কোটি টকা মোকলাই দিছে। কেন্দ্ৰীয় চৰকাৰে বছৰটোৰ পুঁজিৰ দ্বিতীয়টো অংশ আজি মুকলি কৰি দিয়ে। আজি টুইটযোগে এই কথা জনাইছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। টুইটাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছ ডি আৰ এফ)ৰ অগ্ৰিম অংশ হিচাপে ৩২৪.৪০ কোটি টকা মুকলি কৰি দিছে। ইয়াৰ বাবে মুখ্যমন্ত্রীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনায়। ইয়াৰ ফলত বৰ্তমানৰ বানপানীৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে বানপীড়িতসকলৰ বাবে ব্যৱস্থা লোৱাত সহায়ক হ’ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই লগতে উল্লেখ কৰে। উল্লেখ্য যে শেহতীয়াকৈ অহা বানে অসমৰ প্ৰায়বোৰ জিলাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল আৰু ইয়াৰ ফলত ৰাজ্যখনৰ ৫৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছিল। চৰকাৰী তথ্য অনুসৰি বুধবাৰলৈকে ৰাজ্যৰ ২০ খন জিলাৰ ৮৩৭ খন গাঁৱৰ ৯,৬৮,২১৮ লাখৰো অধিক লোক বানৰ কবলত আছে। মে’ মাহৰ মাজভাগৰ পৰা এতিয়ালৈকে দুটা পৰ্যায়ত হোৱা বানপানী আৰু ভূমিস্খলনৰ ফলত ১৮৬ জন লোকে প্ৰাণ হেৰুৱাইছে।