গুৱাহাটী,৭ জুলাইঃ কৌতুক অভিনেতাৰ পৰা পঞ্জাৱৰ মুখ্যমন্ত্ৰী হোৱা ভগৱন্ত মানৰ আজি বিয়া। সম্পূৰ্ণ ৰীতি-নীতিৰে আজি দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হ’ব ভগৱন্ত মান। তেওঁক স্বামী হিচাপে গ্ৰহণ কৰে ডাঃ গুৰপ্ৰীত কৌৰে। দেশৰ সংবাদ শিৰোনাম দখল কৰা এই হাইপ্ৰফাইল বিয়াখন অৱশ্যে অতি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হৈছে। চণ্ডিগড়ৰ মুখ্যমন্ত্ৰী আৱাসগৃহত ভগৱন্ত মান আৰু গুৰপ্ৰীতে কৌৰে এক সাধাৰণ অনুষ্ঠানৰ জৰিয়তে বিবাহ পাশত আৱদ্ধ হয়। এই বিয়াত উপস্থিত থাকে দুয়োৰে ঘনিষ্ঠ আৰু একাংশ বিশিষ্ট ব্যক্তি। উল্লখ্যে যে মুখ্যমন্ত্ৰী মান তথা তেওঁৰ পৰিয়ালৰ অতি ঘনিষ্ঠ আছিল গুৰপ্তীৰ কৌৰ। তেওঁলোক দুয়োৱে এজনে আনজনক দীৰ্ঘ সময়ৰ পৰা ভালকৈ জানে। ভগৱন্ত মানৰ মাতৃৰ সৈতেও গুৰপ্ৰীত কৌৰৰ আছে অতি ঘনিষ্ঠ সম্পৰ্ক। গুৰপ্ৰীতক বোৱাৰী হিচাপে পূৰ্বৰে পৰা আশা কৰিছিল ভগৱন্ত মানৰ মাতৃয়ে। এই বিয়াত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াও তেওঁলোকৰ পৰিয়ালৰ সৈতে মানৰ বিয়াত উপস্থিত থাকে। ইয়াৰ উপৰিও এই বিয়াত তেওঁৰ বিশেষ বন্ধু আৰু আত্মীয় অন্তৰ্ভুক্ত আছে।