গুৱাহাটী,৯ জুলাইঃ শনিবাৰে হঠাৎ সোণাপুৰস্থিত চৰকাৰী বৃদ্ধাশ্ৰমত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অধীনস্থ সোণাপুৰৰ এই চৰকাৰী বৃদ্ধাশ্ৰমখনত উপস্থিত হৈ মন্ত্ৰী হাজৰিকাই আশ্ৰমখন পৰিদৰ্শন কৰাৰ লগতে আশ্ৰম খনত থকা আইতা সকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰী হাজৰিকাক কাষত পাই আশ্ৰমখনত থকা আইতা সকল উৎফুল্লিত হৈ পৰে। আশ্ৰমখনত মন্ত্ৰী হাজৰিকাই আইতাসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ বিভিন্ন সুবিধা-অসুবিধা সন্দৰ্ভত বুজ লয়। ইয়াৰ পিছতে আশ্ৰম খনত এটা ফিল্টাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে মন্ত্ৰীগৰাকী অৱগত হয়। তেওঁ অহা দুই এদিনৰ ভিতৰতে আশ্ৰমখনত এটা ফিল্টাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইয়াৰ উপৰিও মন্ত্ৰী হাজৰিকাই আশ্ৰমখন চলাই অহা ছ’ছাইটি খনকো চৰকাৰ তথা বিভাগৰ ফালৰ পৰা পাৰ্য্যমানে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সোণাপুৰৰ এই আশ্ৰমখন পৰিদৰ্শন কৰাৰ সময়ত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়া, কামৰূপ মেট্ৰ’ জিলাৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া দেৱজিৎ বৰা, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ পাৰিষদ তপন গগৈ, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাতুল শৰ্মাকে ধৰি বহু কেইজন লোক উপস্থিত আছিল।