গুৱাহাটী,৯ জুলাইঃ ঋণৰ পাছত ঋণ লৈ তৎ নোপোৱা ৰাজ্য চৰকাৰে আৰ্থিক সংকটৰ মাজতে মাত্ৰ এটা বছৰত হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড বিমানৰ নামত ব্যয় কৰিলে প্ৰায় ২০ কোটি টকা। ৰাজ্যকোষ টনকীয়াল নোহোৱাৰ সময়তো ২০২১-২২ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড বিমানত এই বুজন পৰিমাণৰ পুঁজি ব্যয় কৰিছে। আৰ টি আই প্রতিবেদনত উন্মোচিত হৈছে এই তথ্য। মৰিগাঁও জিলাৰ ‘সহায় অসম’ নামৰ এটা বেচৰকাৰী সংগঠনৰ হৈ জগদীশ মহন্ত নামৰ লোকজনে দাখিল কৰা আৰ টি আইৰ তথ্য মতে কেৱল ২০২১-২২ বিত্তীয় বৰ্ষটোতে হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড বিমানৰ নামত ৰাজ্য চৰকাৰে ব্যয় কৰিছে ১৯ কোটি ৭১ লাখ ৪২ হাজাৰ ৬০১ টকা। ক’ভিডত বিধ্বস্ত হৈ পৰা ৰাজ্যখনৰ অর্থনৈতিক অৱস্থা অতি শোচনীয় হৈ পৰিছ। যাৰ পৰিপ্ৰেক্ষিতত ঋণৰ উপৰি ঋণ ল’বলগীয়া হৈছে চৰকাৰে। ইফালে ভয়াৱহ বানৰ কবলত পৰা ৰাজ্যবাসীক সকাহ দিয়াৰ বাবে চৰকাৰে জনতাৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰিবলগীয়া হৈছে। এক কথাত ৰাজকোষ উদং। এনে সময়তো কেৱল এটা বছৰত হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড বিমানত উৰাৰ নামত বিপুল পৰিমাণৰ পুঁজি ব্যয় হোৱা কাৰ্য্যত স্তম্ভিত ৰাজ্যবাসী। উল্লেখ্য হিমন্ত বিশ্ব শৰ্মাই
২০২১ চনৰ ১০ মে’ত মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল। আৰ টি আই তথ্যত ২০২২ চনৰ ৩১ মার্চ পর্যন্ত হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড বিমানৰ ব্যয় অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ চৰকাৰখনৰ এবছৰ হ’বলৈ প্ৰায় ডেৰ মাহ বাকী থকা সময়তে হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড বিমানত ব্যয় হৈছিল প্রায় বিশ কোটি টকা। যিসময়ত ৰাজ্যৰ আটাইকেইটা বিভাগতে ধনৰ অভাৱত সকলো ধৰণৰ উন্নয়নমূলক কাম বন্ধ হৈ আছে সেই সময়তে ৰাজ্য চৰকাৰে ২০২১-২২ বিত্তীয় বৰ্ষত প্ৰায় ২০ কোটি টকা কেৱল হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড বিমানৰ ভাড়াৰ নামত ব্যয় কৰা বিষয়টোৱে এতিয়া সকলোৰে চকু কপালত তুলিছে। বান, গৰাখহনীয়াকে ধৰি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা ৰাজ্যখনৰ উন্নয়ন তথা বিকাশৰ বাবে ৰাজ্য চৰকাৰে শেহতীয়াকৈ পুনৰ ১ হাজাৰ কোটি টকা ঋণ লোৱাৰ কথা প্ৰকাশ পাইছে। ইফালে ৰাজ্য চৰাকাৰে বিভিন্ন ঠিকাদাৰক কাম কৰাৰ বিনিময়ত ২২ হাজাৰ কোটি টকা আদায় দিবলৈ বাকী আছে। এনে এক আৰ্থিক জুৰুলা অৱস্থাত ৰাজ্য চৰকাৰে হেলিকপ্টাৰ উৰুওৱাৰ নামত এইদৰে ধন ব্যয় কৰা বিষয়টো কিমানদূৰ যুক্তিসংগত সেয়া বিচাৰ্য্যৰ বিষয়।
