কলিয়াবৰ,১১ জুলাইঃ এইবাৰৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কলিয়াবৰ মহকুমাৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক আজি আনুষ্ঠানিক ভাৱে অভিনন্দন জনাই স্বাস্থ্য-পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা, বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু তথ্য-প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। কলিয়াবৰ মহাবিদ্যালয়ত আয়োজিত অভিনন্দন অনুষ্ঠানত মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই ২০২২ বৰ্ষৰ হাইমাদ্ৰাছা পৰীক্ষাত ৰাজ্যৰ ভিতৰত তৃতীয় স্থানপ্ৰাপ্ত বৰঘূলি জাতীয় বিদ্যালয়ৰ মেধাৱী ছাত্ৰ ঈৰ্শ্বাদুল্লাহ, কলিয়াবৰ মহকুমাৰ ভিতৰত এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা দুই কৃতী শিক্ষাৰ্থী ক্ৰমে কুঁৱৰীটোল শিশু বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ নিৰঙ্ক দাস আৰু কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী পাৰমিতা ঠাকুৰসহ মহকুমাটোৰ পৰা বিশেষ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সন্মানিত কৰে৷ এই অনুষ্ঠানতে এইবৰ্ষত ১০০ শতাংশ উত্তীৰ্ণৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কলিয়াবৰৰ ভিতৰত শীৰ্ষ স্থান অধিকাৰ কৰা শিলঘাটৰ কন্যকাশ্ৰম কনিষ্ঠ মহাবিদ্যালয় আৰু ৰাঙলুৰ চেইন্ট ৰবাৰ্টচ হাইস্কুলক মন্ত্ৰীগৰাকীয়ে ১ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰে৷ উল্লেখ্য যে ২০০৬ বৰ্ষৰ পৰাই কলিয়াবৰৰ বিধায়কগৰাকীৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু অসম হাইমাদ্ৰাছা পৰীক্ষাত বিশেষ সফলতা অৰ্জন কৰা শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱাৰ এনে অনুষ্ঠানৰ আয়োজন কৰি আহিছে। আজিৰ অনুষ্ঠানত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি মন্ত্ৰী মহন্তই কয় যে জীৱনৰ বাবে শিক্ষাই হৈছে পৰম চালিকা শক্তি। শিক্ষাই মনৰ দিগন্ত প্ৰসাৰিত কৰে আৰু আত্মবিশ্বাস দৃঢ় কৰে। প্ৰজ্ঞাৰ নিয়মিত সাধনা আৰু আশাশুধীয়া প্ৰচেষ্টাৰে আমাৰ শিক্ষাৰ্থী সকলে আজি সাফল্যৰ শিখৰত আৰোহন কৰি ঐতিহ্যমণ্ডিত কলিয়াবৰৰ জনসাধাৰণক গৌৰৱান্বিত কৰিছে। তেওঁলোকে এই সফলতাৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ আগন্তুক দিনতো বিৰামহীন প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি আমি আশা ৰাখিছো বুলি তেওঁ কয়। অভিনন্দন অনুষ্ঠানত গোলাঘাটৰ বীৰাঙ্গনা সতী সাধনী ৰাজ্যিক বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য তথা বিশিষ্ট সমাজবিজ্ঞানী ডঃ জ্যোতি প্ৰসাদ শইকীয়া আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ৰেংলাৰ সন্মান প্ৰাপক প্ৰথমগৰাকী অসমীয়া তথা গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ গণিত বিভাগৰ অধ্যাপক অনুপম শইকীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি জ্ঞানোদ্বীপ্ত বক্তব্যৰে শিক্ষাৰ্থী সকলক উৎসাহিত কৰে৷ এই অনুষ্ঠানত কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ হিৰণ্য কুমাৰ চলিহা, প্ৰশাসনিক বিষয়া গৌৰী শংকৰ শইকীয়া, অধ্যাপক-সুলেখক ডঃ শিৰোমণি ভূঞা, কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় কুমাৰ দাসৰ লগতে মহকুমাটোৰ অন্তৰ্গত বিভিন্ন শিক্ষানুষ্ঠানৰ অধ্যক্ষ-প্ৰধান শিক্ষকসকল, অভিভাৱকসকল আৰু স্থানীয় শিক্ষাবিদসকলেও অংশগ্ৰহণ কৰে।

Home অসম আৰু উত্তৰপূব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ কলিয়াবৰৰ কৃতী শিক্ষাৰ্থীক অভিনন্দন মন্ত্ৰী কেশৱ...