গুৱাহাটী,১১ জুলাইঃ গুৱাহাটীৰ চানমাৰীত বস্তাৰ ভিতৰত বান্ধি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ। উদ্ধাৰ হোৱা মৃতদেহটো টিংকল শৰ্মাৰ বুলি চিনাক্ত কৰা হৈছে। যিটো স্থানত মৃতদেহটো উদ্ধাৰ হৈছে তাৰ কাষতেই ভাড়া ঘৰত আছিল টিংকল শৰ্মা। চানমাৰীৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ৰ কাষত উদ্ধাৰ হৈছিল মৃতদেহটো। টিংকল শৰ্মা মহানগৰীৰ এখন মহাবিদ্যালয়ৰ ছাত্ৰ। টিংকলৰ ভনীয়েকৰ বেলতলাৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসা চলি আছে। টিংকলৰ ঘৰ বেলসৰৰ চামতাত বুলি জানিব পৰা গৈছে। মৃতদেহটো টিংকলৰ বুলি চিনাক্ত কৰিলে তেওঁৰ খুড়াকে। ইফালে টিকংলক তেওঁৰ পিতৃয়েই হত্যা কৰাৰ সন্দেহ কৰা হৈছে। আৰক্ষীয়ে আটক কৰিছে পিতৃ অম্বিকা শৰ্মাক। চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত অম্বিকা শৰ্মা। চানমাৰী আৰক্ষীয়ে ইতিমধ্যে লৈ গৈছে মৃতদেহটো। টিকংলক কোনে, কি কাৰণত হত্যা কৰিলে সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।