গুৱাহাটী,১২ জুলাইঃ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত আজি প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে ২৮০গৰাকী বিশেষভাৱে সক্ষম প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষ্যে লোক নিৰ্মাণ বিভাগৰ দিছপুৰস্থিত প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই নিযুক্তি পত্র প্ৰদান কৰে। উল্লেখ যে নিম্ন প্রাথমিকত ১৯৩ টা পদত, উচ্চ প্রাথমিকত ৭৫ টা পদত আৰু উচ্চ প্রাথমিকৰ বিজ্ঞান শিক্ষকৰ ১২ টা পদত আজি নিযুক্তি দিয়া হয়। ভাষণ প্ৰসংগত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে মুখ্যমন্ত্ৰীৰ সৱল নেতৃত্ব আৰু সক্ষম নিৰ্দেশনাত এক বৈপ্লৱিক পৰিৱৰ্তন আহিছে। য’ত স্বচ্ছ আৰু নিকা ব্যৱস্থাৰ মাজেৰে শিক্ষক নিযুক্তি দিয়া হৈছে। তেওঁ নৱনিযুক্ত শিক্ষকসকলক ইতিবাচক চিন্তাৰে অনাগত দিনত শিক্ষাদানৰ বৃত্তিৰে ৰাষ্ট্ৰক সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে আগবাঢ়ি যাবলৈ কয়। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত লগতে উল্লেখ কৰে যে শিক্ষা বিভাগে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু অন্যান্য দিশৰ বিকাশৰ হকে নিৰন্তৰ ভাৱে কাম কৰি আহিছে। তেওঁ কয় যে অসমত নিকাকৈ শিক্ষক নিযুক্তিৰ এটা ধাৰা মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰিলে। তামোল এখন নিদিয়াকৈও চাকৰি পায়। নিযুক্তিৰ এই বৈপ্লৱিক ধাৰাৰ বাবে তেওঁ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। পুনৰ নিযুক্তিৰ প্ৰসংগত তেওঁ কয় যে আগষ্ট-ছেপ্টেম্বৰত ভাল খবৰ আহিব। একলাখ নিযুক্তিৰ যি প্ৰতিশ্ৰুতি আছিল সেয়া চৰকাৰে লাহে লাহে এনেদৰেই পূৰ্ণ কৰিব। তেওঁ কয় যে বিশেষভাৱে সক্ষম প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত এখন মেডিকেল ব’ৰ্ড গঠন কৰা হৈছিল। তাত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰায় ৫০ শতাংশ অৰ্থাৎ ২৭১ গৰাকী প্ৰাৰ্থী উপস্থিত নাথাকিল। হয়তো তেওঁলোকে ভুৱা প্ৰমাণ পত্ৰ লৈ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। বহুতে ভুৱা প্ৰমাণ পত্ৰ লৈ চৰকাৰী চাকৰি কৰি আছে। এতিয়াৰে পৰা বিশেষভাৱে সক্ষম লোকৰ নিযুক্তিৰ ক্ষেত্ৰত মেডিকেল ব’ৰ্ডত উপস্থিত থাকিব লাগিব বুলি তেওঁ কয়। মেডিকেল ব’ৰ্ডে নিৰ্ধাৰণ কৰি দিয়া প্ৰাৰ্থীকহে নিযুক্তি দিয়া হৈছে। ৪০ শতাংশ বাধাগ্ৰস্ততা থকা লোককহে বিশেষভাৱে সক্ষম বুলি ধৰা হৈছে। তেওঁ লগতে কয় যে ব্যতিক্ৰমী স্থানক বাদ দি ৩০ গৰাকীতকৈ কম ছাত্ৰ-ছাত্ৰী থাকিলে সেই বিদ্যালয় থাকিব নালাগে। বিদ্যালয় সমূহত একত্ৰিকৰণ হ’বই। ছেবাই এটা এপ উলিয়াইছে, খুব সোনকালে নৱম-দশমৰ শিক্ষার্থীৰ পৰীক্ষা সেই এপৰ জৰিয়তে পতা হ’ব। বদলিকৰনৰ বাবে পৰ্টেলৰ জৰিয়তে আবেদন কৰিব লাগিব বুলি সদৰি কৰি তেওঁ কয় যে শিক্ষা বিভাগৰ ক’তো ফাইল নাই, বদলিৰ আবেদন পৰ্টেল মতে জনাব লাগিব। অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননী গোপাল মহন্ত, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, শিক্ষা বিভাগৰ সচিব ড০ বিজয়া চৌধুৰী আৰু প্রাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিকে ধৰি শিক্ষা বিভাগৰ ভালেসংখ্যক বিষয়া উপস্থিত আছিল।