গুৱাহাটী,১২ জুলাইঃ ৰাজ্য চৰকাৰে আজি এক নিৰ্দেশ যোগে প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি ঘটাইছে। বিশেষকৈ জিলা উপায়ুক্তৰ ৰদবদল কৰিছে। সেই অনুসৰি কাছাৰৰ উপায়ুক্ত কীৰ্তি জল্লীক কামৰূপৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে। কাছাৰৰ উপায়ুক্ত হিচাপে দায়িত্ব দিয়া হৈছে হাইলাকান্দিৰ উপায়ুক্ত ৰোহন কুমাৰ ঝাক। আনহাতে গোৱালপাৰাৰ নতুন উপায়ুক্ত হিচাপে দায়িত্ব দিয়া হৈছে খনীন্দ্ৰ চৌধুৰীক। বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালক গৃহ আৰু ৰাজনীতি বিভাগৰ অতিৰিক্ত সচিব পদলৈ বদলি কৰা হৈছে। আনহাতে গোৱালপাৰাৰ উপায়ুক্ত মীনাক্ষি দাস নাথক সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক পদলৈ বদলি কৰা হৈছে। কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিকক পি এইচ ইৰ অতিৰিক্ত সচিব পদলৈ বদলি কৰা হৈছে। নগাঁৱৰ উপায়ুক্ত এইচ এন গৌতমক হাইলাকান্দিৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে। বাক্সাৰ উপায়ুক্ত আয়ুস গাৰ্গক বৰপেটাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে। চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক নগাঁৱৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে। আনহাতে গোসাঁইগাঁৱৰ এডিচি এম এম পাৰ্টিনক বাক্সাৰ উপায়ুক্ত ৰূপে নিযুক্তি দিয়া হৈছে। সেইদৰে দক্ষিণ শালমাৰাৰ এডিচি লখিমী কুটুমক দক্ষিণ শালমাৰাৰ ভাৰপ্ৰাপ্ত উপায়ুক্তৰ দায়িত্ব দিয়া হৈছে। পি ভি ভাস্কৰ ৰেড্ডীক চিৰাঙৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে।