শ্ৰীলংকা,১২ জুলাইঃ অৰ্থনৈতিক সংকটে জুৰুলা কৰা শ্ৰীলংকাৰ প্ৰাক্তন বিত্তমন্ত্ৰী বাচিল ৰাজাপাক্ষেক দেশ এৰি যাবলৈ ওলোৱাৰ সময়তে বিমানবন্দৰত আটক কৰা হয়। আটক হোৱা বাবেই তেওঁ এতিয়া দেশ এৰি যাব নোৱাৰা বুলি খবৰ লাভ কৰা গৈছে। স্থানীয় সংবাদ মাধ্যমসমূহে এই বাতৰি প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি আন যাত্ৰীসকলে প্ৰতিবাদ আৰম্ভ কৰাৰ বাবে বাচিলক বিমানখনত উঠিবলৈ অনুমতি দিয়া হোৱা নাছিল। অৱশ্যে বাচিলে আত্মৰক্ষাৰ বাবে কোনখন দেশলৈ পলাবলৈ চেষ্টা কৰিছিল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।
অৰ্থনৈতিক সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ দেশখনৰ জনসাধাৰণে কৰা তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈ বাচিলে যোৱা এপ্ৰিলত মন্ত্ৰী পদ ত্যাগ কৰিছিল। ইয়াৰ পূৰ্বে জনসাধাৰণৰ ক্ষোভৰ সন্মুখীন হৈ দেশৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেক অপসাৰণ কৰা হৈছিল। তেওঁ বুধবাৰে পদত্যাগ কৰিব বুলি ঘোষণা কৰিছে। বৰ্তমান গোটাবায়া আৰু তেওঁৰ ভাতৃ দেশৰ সদ্য প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাক্ষে ক’ত আছে সেয়া গোপনে ৰখা হৈছে।