গুৱাহাটী,১৪ জুলাইঃ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে। উল্লেখ যে সামাজিক মাধ্যমত দিয়া এটা পোষ্টৰ আলমত ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত বিগত দুমাহ ধৰি কাৰাৰুদ্ধ হৈ আছে টিয়কৰ মেধাবী ছাত্রী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই। এই ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এই সন্দৰ্ভত আজি গুৱাহাটীত এখন সংবাদমেল যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে আছুৰ সভাপতি দীপাংক নাথে। তেওঁ কয় যে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক প্ৰথমে কাউন্সিলিং কৰিম বুলি ঘৰৰ পৰা লৈ যোৱা হৈছিল। কিন্তু পিছত গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰা হ’ল। ছাত্ৰীগৰাকীৰ লগত অত্যন্ত অন্যায় কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে সামাজিক মাধ্যমত দিয়া এটা পোষ্টৰ বাবে গ্ৰেপ্তাৰ কৰাটো দুৰ্ভাগ্যজনক। বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰি আছুৰ সভাপতিগৰাকীয়ে কয় যে ছাত্ৰীগৰাকীক এনেদৰে নিৰ্যাতন চলোৱাতো দুৰ্ভাগ্যজনক। অন্যায় কৰা হৈছে। মানুহৰ বাক স্বাধীনতাক কেতিয়াও ৰোধ কৰিব নোৱাৰে। অত্যন্ত মেধাসম্পন্ন ছাত্রীগৰাকীৰ সন্মূখত পৰীক্ষা আছে। এনে সময়ত ছাত্রীগৰাকীক এনেদৰে নিৰ্যাতন চলোৱাটো অন্যায় হৈছে বুলি তেওঁ কয়। এটা দিনো পলম নকৰি ছাত্রীগৰাকীক মুকলি কৰি দিয়াৰ দাবী জনাই তেওঁ এনে অন্যায় ভৱিষ্যতে নকৰিবলৈও চৰকাৰৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে আজি জে’লত পৰীক্ষা দিয়া কথা কৈছে। কিন্তু জে’লত পৰীক্ষা দিয়াতো যুক্তিসংগত নহয়। মুক্তভাৱে পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। আজি মুক্তিৰ পৰ্যালোচনাৰ কথা চৰকাৰে কৈ লাভ নাই, ইমান দিনে কি কৈছিল। তেওঁ কয় যে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ অন্যায়মূলক এই গ্ৰেপ্তাৰ কেতিয়াও সহ্য কৰা নহ’ব। ছাত্ৰীগৰাকীৰ প্ৰতি অসম চৰকাৰে অন্যায় কৰিছে। ৰাষ্ট্ৰদ্ৰোহৰ সংজ্ঞা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে সামাজিক মাধ্যমত দিয়া এটা পোষ্টকলৈ ছাত্রীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। এই কথা কোনো কাৰণত মানি ল’ব নোৱাৰি। স্বাধীনতাৰ আগত আৰু পৰৱৰ্তীসময়ত জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে আদৰ্শ পুৰুষসকলে সময়ে সময়ে ৰাষ্ট্ৰৰ বিৰুদ্ধে তথা ৰাষ্ট্ৰৰ সকলো কথাত সৈমান নহৈ কিছুমান বিদ্ৰোহী কথা-বতৰা কৈছিল। তেখেতসকল আমাৰ বাবে আজিও পূজনীয়। তেওঁ এইধৰণৰ পুলিচ ৰাজ বন্ধ কৰাৰ দাবী জনায়।
উল্লেখ যে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ মুক্তিক লৈ সামাজিক মাধ্যমত সৰৱ চৰ্চা চলি থকাৰ মাজতে গোলাঘাট সত্ৰ ন্যায়াধীশে অৱশেষত বৰ্ষাশ্ৰীক নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰত যাৱতীয় নিৰাপত্তা বেষ্টনীৰ মাজত পৰীক্ষাত বহিবলৈ অনুমতি দিছে। দেৱীচৰণ মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাসিকত অধ্যয়নৰত বৰ্ষাশ্ৰীৰ ১৬ জুলাইৰ পৰা পৰীক্ষা। ৫৭টা দিন কাৰাগাৰৰ বন্ধ কুঠৰীত বন্দিত্ব জীৱন কটাই থকা মেধাৱী ছাত্ৰীগৰাকীৰ মুক্তিৰ বাবে দাবী উত্থাপন হৈ আহিছে।