গুৱাহাটী,১৪ জুলাইঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা। ২১ জুলাইত অনুষ্ঠিত হ’ব এই পৰীক্ষা। গুৱাহাটীৰ কাহিলীপাৰাস্থ চতুৰ্থ অসম আৰক্ষী বাহিনীত অনুষ্ঠিত হ’ব এই মৌখিক পৰীক্ষা। মৌখিক পৰীক্ষাৰ পূৰ্বে প্ৰাৰ্থীসকলে ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ড। ১৭ জুলাইৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। ২০২১ চনৰ ৬ ডিচেম্বৰত অনুষ্ঠিত হৈছিল ৩০৬ টা পদৰ বাবে লিখিত পৰীক্ষা। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে অসম আৰক্ষীয়ে মুকলি কৰিছে এক টোলফ্ৰী নম্বৰ। টোলফ্ৰী এই নম্বৰটো হৈছে 8929207668।
