গুৱাহাটী,১৫ জুলাইঃ আলু পিয়াজৰ বস্তাৰ তলত লুকুৱাই মিজোৰামলৈ সৰবৰাহ কৰাৰ সময়ত বৃহস্পতিবাৰে কাছাৰত জব্দ হ’ল বুজণ পৰিমাণৰ বিদেশী সুৰা৷ গোপন তথ্যৰ ভিত্তিত ধলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ পাঠকৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই এখন ট্ৰাকৰ পৰা জব্দ কৰে ৫৫ কাৰ্টন বিদেশী সুৰা৷ শিলচৰৰ পৰা আইজল অভিমুখী AS11DC 6263 নম্বৰৰ ট্ৰাক খনত অভিযান চলাই জব্দ কৰে এই ৫৫ কাৰ্টন সুৰা ৷ কোনো বৈধ নথি অবিহনে সুৰাখিনি সৰবৰাহৰ চেষ্টা চলাইছিল সুৰা ব্যৱসায়ীয়ে৷ অবৈধ ভাবে সৰবৰাহ কৰা সুৰাৰ কাৰ্টন সমূহ পিচত জব্দ কৰে ধলাই থানাৰ আৰক্ষীয়ে৷ আলু পিঁয়াজৰ বস্তাৰ তলত লুকুৱাই সুৰাৰ কাৰ্টন বোৰ শিলচৰৰ পৰা আইজললৈ নিয়াৰ কথা আছিল বুলি ইতিমধ্যে স্বীকাৰ কৰিছে ট্ৰাকৰ চালকে ৷ সুৰাৰ সৈতে আৰক্ষীয়ে চালক আৰু সহ-চালকক আটক কৰিছে৷ ধৃত দুজনৰ নাম ছহিদুল আলম চৌধুৰী আৰু ৰহিদ আলম লস্কৰ ৷ দুয়োজনৰ ঘৰ ক্ৰমে কাছাৰৰ বাগপুৰ আৰু নগদিৰগ্ৰামত বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷ সুৰা খিনিৰ মূল্য কেইবা লাখ টকা হ’ব বুলি সদৰী কৰিছে আৰক্ষীয়ে৷
