যি সময়ত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ দিনত আৰক্ষীক শক্তিশালী কৰাৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে ন ন প্ৰচেষ্টা হাতত লৈছে তেনে সময়ত শিৱসাগৰত একাংশ উদণ্ড বাইকাৰ্ছৰ দৌৰাত্মই সাধাৰণ পথচাৰীক অতিষ্ঠ কৰি তুলিছে।এফালে যান-জঁটৰ সমস্যা আনফালে শিৱসাগৰ যান-বাহন আৰক্ষীৰ হেমাহি আৰু অকৰ্মণ্যতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি এচাম ফুলকুমলীয়া ল’ৰাৰ তীব্ৰ গতিত বাইক চলোৱা সন্ত্ৰাসে সচেতন মহলক চিন্তিত কৰি তুলিছে।

ইপিনে সন্ধিয়াৰ হোৱাৰ লগে লগে শিৱসাগৰ নগৰৰ বহু মানুহ পুখুৰীপাৰত শাৰিৰীক ব্যায়মৰ বাবে আহে যদিও বাইকাৰ্ছৰ সন্ত্ৰাসৰ পৰা ভীতিগ্ৰস্ত হৈ পৰিছে । শিৱসাগৰৰ নগৰৰ মাজমজিয়াত এচাম কণ কণ ল’ৰাক ভৱিষ্যত জীৱনৰ প্ৰতি চিন্তা নকৰা কাণ্ডজ্ঞানহীন অভিভাৱকসকলকো সমানে জগৰীয়া কৰাৰ লগতে শিৱসাগৰ যান-বাহন আৰক্ষীকো ক্ষুৰধাৰ সমালোচনা কৰিছে সচেতন ৰাইজে।

এফালে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে “ছাৰখাৰ অভিযান” ৰ জৰিয়তে গাড়ী কাগজ পত্ৰ,চালকে হেলমেট পৰিধান কৰা আৰু গতিবেগ নিয়ন্ত্ৰণ কৰিবৰ বাবে যান-বাহন আৰক্ষীক সষ্টম হৈ নিজৰ দায়িত্ব-কৰ্তব্য পালনৰ কৰা কঠোৰ নিদেৰ্শক বুঢ়া আঙুলী দেখুৱাই শিৱসাগৰ যান-বাহন আৰক্ষীৰ কৃপাত একাংশ ধনী শ্ৰেণীৰ অভিভাৱকৰ সন্তানে এতিয়া শিৱসাগৰ নগৰত তীব্ৰ গতিত বাইক চলোৱা অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে বুলি অভিযোগ তুলিছে সচেতন মহলে।