গুৱাহাটী,১৭ জুলাইঃ সোমবাৰে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সাজু কৰি তোলা হৈছে অসম বিধানসভাৰ সভাকক্ষ। ইতিমধ্যে শাসকীয় দল বিজেপিৰ লগতে মিত্রদল অগপ আৰু ইউ পি পি এলে এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক ভোট দিয়াৰ বাবে সাজু হৈছে। সেইদৰে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহাক ভোট দিয়াৰ বাবে সাজু হৈছে বিৰোধী দলসমূহ। অসমক প্ৰতিনিধিত্ব কৰা ১২৬ জন বিধায়কৰ উপৰি লোকসভাৰ ১৪ জন আৰু ৰাজ্যসভাৰ ৭ জন সাংসদকে ধৰি ৰাষ্ট্ৰপতি নিৰ্বাচনত অসমৰ মুঠ ভোটাৰৰ সংখ্যা ১৪৭ গৰাকী। ইতিমধ্যে সকলো দলৰ বিধায়ক আৰু সাংসদসকল ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সাজু হৈছে। শাসকীয় দল বিজেপিয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে পুলিং এজেণ্ট হিচাপে নিয়োগ কৰিছে মন্ত্রী পীযুষ হাজৰিকা, বিধায়ক ভূৱন পেগু আৰু সুশান্ত বৰগোহাঁইক। ইফালে বিজেপিৰ মিত্রদল অগপ আৰু ইউ পি পি এপৰ নাথাকে কোনো পুলিং এজেণ্ট। আনহাতে ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছ দলৰ পুলিং এজেণ্ট হিচাপে থাকিব ৰকিবুল হুছেইন আৰু দিগন্ত বৰ্মন। সেইদৰে এ আই ইউ ডি এফে পুলিং এজেণ্ট হিচাপে নিয়োগ কৰিছে আমিনুল ইছলাম আৰু মজিবুৰ ৰহমানক। ৰাষ্ট্ৰপতি নিৰ্বাচনকলৈ বিৰোধীয়ে নিজৰ স্থিতি স্পষ্ট কৰিছে যদিও বিৰোধী শিবিৰতো খাম খেয়ালিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। অসমত শেহতীয়াকৈ হৈ যোৱা ৰাজ্যসভা নিৰ্বাচনৰ পৰাই বিৰোধী দলৰ মাজত বোকা ছটিওৱা ৰাজনীতিয়ে শাসকীয় দলক উপকাৰ কৰি আহিছে ৷ এইবাৰো ইয়াৰ ব্যতিক্ৰম নহ’ব ৷ এতিয়া ইয়াকে লৈ বিৰোধী শিবিৰত অক্ষুন্ন আছে শংকা আৰু সন্দেহ। বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা ভংগ হোৱাৰ পিছতেই কঁকাল বেকা হৈছে কংগ্ৰেছৰ ৷ ইপিনে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফে সময়ে সময়ে বিৰোধীৰ ভূমিকা এৰি শাসকীয় দলৰ পক্ষ লোৱা ঘটনাই ৰাজনৈতিক সন্দেহ দুগুণে বৃদ্ধি কৰিছে ৷ অলপতে সংবাদমাধ্যমৰ আগত কংগ্ৰেছে বদৰুদ্দিন আজমলক উদ্দেশ্যি স্পষ্টকৈ কৈছে যে এ আই ইউ ডি এফৰ ওপৰত কংগ্ৰেছৰ বিশ্বাস নাই ৷ এ আই ইউ ডি এফে কংগ্ৰেছক কেবাবাৰো বিশ্বাসঘাতকতা কৰি থৈছে ৷ কিন্তু ইয়‍াৰ পাছতো আজি এক সংবাদমেল যোগে এ আই ইউ ডি এফ দলে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাক ভোট দিয়াৰ কথা স্পষ্টভাৱে সদৰি কৰে। অৱশ্যে এ আই ইউ ডি এফে কংগ্ৰেছৰ ওপৰতহে সন্দেহ থকাৰ কথা ব্যক্ত কৰিছে। উল্লেখ যে এ আই ইউ ডি এফৰ ১৫ জন বিধায়ক আৰু এজন সাংসদৰ ভোট আছে।
উল্লেখ্য যে এই ৰাষ্ট্ৰপতি নিৰ্বাচনত অসমৰ এজন বিধায়কৰ ভোটৰ মূল্য হ’ব ১১৬ ৷ অসমৰ ১২৬ গৰাকী বিধায়কৰ ভোটৰ মূল্য হ’ব ১৪,৬১৬।
ইফালে নাওবৈচা সমষ্টিৰ কংগ্ৰেছ বিধায়ক ভৰত চন্দ্ৰ নৰহে অসম বিধানসভাৰ পৰিৱৰ্তে ভোটদান কৰিব সংসদ ভৱনত ৷ বিধায়কগৰাকীৰ আবেদনৰ ভিত্তিত নিৰ্বাচন আয়োগে সংসদ ভৱনত ভোটদানৰ বাবে অনুমতি প্ৰদান কৰিছে। দিল্লীত চিকিৎসাধীন অৱস্থাত থকাৰ বাবেই সংসদ ভৱনতে ভোটদানৰ বাবে অনুমতি দিয়া হৈছে বিধায়ক নৰহক ৷