গুৱাহাটী,১৭ জুলাইঃ আন এক বৃহৎ সফলতা লাভ কৰিলে শ্বাটলাৰ পি ভি সিন্ধুৱে। ভাৰতীয় বেডমিণ্টন তাৰকাগৰাকীয়ে ছিংগাপুৰ অ’পেন চুপাৰ-৫০০ বেডমিণ্টন টুৰ্ণামেণ্টৰ মহিলাৰ ছিংগলছৰ চূড়ান্ত প্ৰতিযোগিতাত বিজয় সাব্যস্ত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাৰ ফাইনেলত সিন্ধুৱে চীনৰ ৱাং ঝীক ২১-৯, ১১-২১ আৰু ২১-১৫ ব্যৱধানত পৰাস্ত কৰে। উল্লেখ্য যে চলিত বছৰত এয়া সিন্ধুৰ প্ৰথমটো চুপাৰ-৫০০ খিতাপ। ইয়াৰ পূৰ্বে তেওঁ ছুপাৰ-৩০০ টুৰ্ণামেণ্ট ছৈয়দ মোদী ইণ্টাৰনেচনেল আৰু ছুইছ অ’পেনৰ খিতাপ জয় কৰিছিল।
